ashomiyapatrika.com

চিৰাং জিলাত ধানৰ লেচেৰি কটা শূৰ পোকৰ আক্ৰমনত ক্ষতিগ্ৰস্থ ১৫৫৫ গৰাকী কৃষকৰ ৯০২ হেক্টৰ কৃষিভূমি

0 33

কাজলগাঁওঃ অসমৰ আন আন জিলাৰ লগতে চিৰাং জিলাখনতো শালি ধানৰ খেতিত লেচেৰি কটা শূৰ পোকৰ দ্বাৰা আক্ৰান্ত হৈছে। পথাৰত ধান পকিব আৰম্ভ কৰাৰ সময়তে এনে ধৰণৰ মাৰাত্মক শূৰ পোকৰ আক্ৰমনৰ খবৰে কৃষকসকলক আতংকিত কৰি তুলিছে৷ জিলাখনৰ চিদলী আৰু বিজনী দুয়োটা খণ্ডৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁৱৰ ধানখেতিত এনে মাৰাত্মক শূৰ পোকৰ উপস্থিতি ধৰা পৰিছে। লখিমী আইক ঘৰলৈ চপোৱাৰ প্ৰাকমূহুৰ্তত আবিৰ্ভাব ঘটা এনে শূৰ পোকে ৰাতিটোৰ ভিতৰতে তহিলং কৰে বিস্তৃত পথাৰ। এই সন্দৰ্ভত ইতিমধ্যে জিলা কৃষি বিষয়া আৰু বিজনী মহকুমা কৃষি বিষয়াৰ নিৰ্দেশত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়ক সকলে

নিজ নিজ ক্ষেত্ৰ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লৈছে৷ সম্প্ৰতি যিহেতু ধান পকিবলৈ আৰম্ভ কৰিছে গতিকে এই সময়ত ৰাসায়নিক ঔষধ ছটিয়াই পোক নিয়ন্ত্ৰণ কৰিব বিচৰাটো মানুহ আৰু পশুধন উভয়ৰে পক্ষে ক্ষতিকাৰক হ’ব বুলি বিবেচিত হৈছে৷ সেয়েহে পাৰাপক্ষত কিছু আগতীয়াকৈ ধান চপাবলৈ দিয়া হৈছে আৰু আক্ৰান্ত ধাননি খেতি ডৰাৰ পৰা যাতে অন্য ডৰালৈ বিয়পি নপৰে তাৰ বাবে থলুৱা কিছু ব্যৱস্থা গ্ৰহণৰ বাবে কৃষকসকলক পৰামৰ্শ দিয়া হৈছে বুলি চিৰাং জিলা কৃষি বিষয়া কমল জ্যোতি দাসে জানিবলৈ দিয়ে৷ জিলাখনৰ ৬২খন গাঁৱৰ ১৫৫৫ গৰ‍াকী কৃষকৰ ৯০২ হেক্টৰ শালি ধানৰ খেতি কম বেছি পৰিমাণে ক্ষতিগ্ৰস্থ হোৱাৰ লগতে ১২৫ হেক্টৰ ধান খেতি সম্পূৰ্ণৰূপে অনিষ্ট হৈছে বুলিও জিলা কৃষি বিষয়াজনে লগতে সদৰি কৰে৷

Leave A Reply

Your email address will not be published.