কংগ্ৰেছৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি বিয়লি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দলীয় বিষয়ববীয়াসকলৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ ভালেসংখ্যক সাংবাদিকে অংশ গ্ৰহণ কৰে। মিডিয়া বিভাগৰ সহ-অধ্যক্ষ মেহদী আলম বৰা আৰু প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইনে আঁত ধৰা এই অনুষ্ঠানত মিডিয়া বিভাগৰ তত্ত্বাৱধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ
সম্পাদক বিপুল গগৈ, জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ, জ্যেষ্ঠ মুখপাত্ৰ ড° সঞ্জু বৰুৱা আৰু সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁলোকে গণতান্ত্ৰিক সমাজত মুক্ত আৰু দায়ৱদ্ধ সাংবাদিকতাৰ প্ৰয়োজনীয়তা, সাংবাদিকসকলৰ অপৰিসীম গুৰুত্ব,তেওঁলোকৰ ত্যাগ আদি বিভিন্ন দিশৰ কথা উল্লেখ কৰে। অনুষ্ঠানত অংশ লোৱা কেইবাগৰাকী সাংবাদিকেও তেওঁলোকৰ মনৰ অনুভৱ ব্যক্ত কৰে আৰু প্ৰদেশ কংগ্ৰেছে এইদৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰাৰ বাবে ধন্যবাদ জনায়। লগতে কংগ্ৰেছৰ শাসন কালত সাংবাদিকসকলৰ ওপৰত কোনোধৰণ ৰাজনৈতিক হেঁচা
নাছিল বুলিও উল্লেখ কৰে। উপস্থিত সাংবাদিকসকলক সন্মানৰ চিন স্বৰূপে আৰু প্ৰতীকি ৰূপত একোটাকৈ কলমো উপহাৰ হিচাপে আগবঢ়োৱা হয় আৰু আনুষ্ঠানিকভাৱে কলমসমূহ অৰ্পন কৰে অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ অধ্যক্ষ দীপ বায়নে।