ashomiyapatrika.com

কামৰূপ জিলা সাংবাদিক সন্থা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ যৌথ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

0 41

বকোঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যম আৰু ইয়াৰ লগত জড়িত সেৱাৰ সন্মানাৰ্থে প্ৰতি বছৰে ১৬ নৱেম্বৰত পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলা প্ৰশাসনৰ সহযোগত জিলা সাংবাদিক সন্থা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ যৌথ উদ্যোগত পালন কৰা হয় প্ৰেছ দিৱসৰ কাৰ্য্যসুচী। কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি আৰু সাধাৰণ সম্পাদক তৰণী চৰণ কলিতাই জনোৱা মতে ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱাত জড়িত সকলোক সন্মান জনাবলৈ চৰকাৰী ভাৱে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইফালে জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা প্ৰেছ দিৱসৰ লগত

সংগতি ৰাখি আয়োজন কৰা হৈছে ‘কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম’ শীৰ্ষক এক বিশেষ বক্তৃতানুস্থান। ইফালে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ, সম্পাদক ৰূপক ডেকা আৰু সহকাৰী সম্পাদক উৎপল তামুলীয়ে প্ৰকাশ কৰা যে আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বংলাত পুৱা ১০-৩০ বজাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসুচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে। অনুস্থানত বিশেষ বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। সাম্প্ৰতিক কালত ইলেকট্ৰনিক আৰু ছপা মাধ্যমৰ উত্থান – পতনৰ ওপৰত বহল বক্তব্য দাঙি ধৰে। সংবাদ মাধ্যমৰ নীতি আৰু

নৈতিকতাৰ বিষয়েও বৰ্ণনা দিয়ে। প্ৰেছ দিৱসৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া বিকাশ শৰ্মা, জিলা অতিৰিক্ত আয়ুক্ত কমল কুমাৰ বৰুৱা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক পৰেশ বৈশ্যৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথি। অনুস্থানত সাংবাদিক, সংবাদ মাধ্যম আৰু ইয়াৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰে। অনুস্থানত সামাজিক ক্ষেত্ৰত গুণগত মানৰ সংবাদ সেৱাৰ জৰিয়তে সুষ্ঠ সমাজ গঠনত সাংবাদিকৰ ভূমিকা অপৰিসীম বুলি বক্তব্য আগবঢ়ায় জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে। আয়ুক্ত গৰাকীয়ে সমাজত শান্তি সম্প্ৰতি অটুত ৰখাৰ ক্ষেত্ৰত ইতিবাচক বাতৰি পৰিবেশন কৰি পৰিবেশ সুষ্ঠিৰ কৰি ধৰি ৰাখিব পাৰে বুলি মনোভাৱ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.