ashomiyapatrika.com

বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতিঃ বৈকুন্ঠ নাথ ৰাভাৰ জৰিয়তে অস্থায়ী কাৰ্য্যালয় উদ্ধোধন

0 45

বকোঃ কামৰূপ জিলাৰ বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১সংখ্যক বৰ্ষৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি চলিছে। এই বেলি আঞ্চলিক সমিতি খনৰ অন্তৰ্গত বেলপাৰা – পাঠশালাকোঠ শাখা ৰাভা জাতীয় পৰিষদৰ উদ্যোগত অহা ৪ ফেব্ৰুৱাৰী অৰ্থাৎ ২০ মাঘ / ২০২৪ তাৰিখে আয়োজন কৰা হৈছে অধিবেশন খন। বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন ৰাভা আৰু সম্পাদক কৰ্ণ ৰাভাই জনোৱা মতে এই বেলি জাতীয় সংগঠনটোৰ অধিবেশন খন বেলপাৰাত আয়োজন কৰা হৈছে। অধিবেশন খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অনিল ৰাভাক সভাপতি আৰু বুলু ৰাভাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন

কৰা হৈছে এখন শক্তিশালী অভ্যৰ্থনা সমিতি। ইফালে অধিবেশনৰ সকলো দিশৰ ব্যৱস্থাপনা কৰিবলৈ গঠন কৰা হৈছে বহু কেইখন উপ সমিতি। উল্লেখ্য যে আজি আনুস্থানিক ভাৱে পাঠশালাকোঠ গাওঁত অধিবেশনৰ অস্থায়ী কাৰ্য্যালয় উদ্ধোধন কৰে গাওঁৰ জ্যোষ্ঠ্য সমাজ কৰ্মী তথা ধৰ্মপ্ৰাণ বৈকুন্ঠ নাথ ৰাভাই। বেলপাৰা নৱজ্যোতি সংঘৰ কাৰ্য্যালয় প্ৰাংগনত আয়োজন কৰা জাতীয় সংগঠনটোৰ অধিবেশনত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।

Leave A Reply

Your email address will not be published.