ashomiyapatrika.com

বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰত অসম গ্ৰন্থমেলা

0 39

সন্মানীয় অতিথি ঢাকাস্থিত বাংলা একাডেমীৰ সভাপতি সেলিনা হোছেইনঃ গুৱাহাটী-শিলচৰৰ লগতে কলকতা-দিল্লীৰ বহু কেইটা প্ৰকাশন গোষ্ঠীয়ে কৰিব যোগদান

শিলচৰঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ২০২৩-২৪ বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি অহা ১ ডিচেম্বৰৰ পৰা শিলচৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা৷ আজি শিলচৰ আৱৰ্ত্ত ভৱনত এখন সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে সদৰি কৰে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ সংবাদমেলত প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি অহা ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰ পেৰেড গ্ৰাউন্ডত দহদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব অসম গ্ৰন্থমেলা, শিলচৰ৷ প্ৰস্তুত কৰা কাৰ্যসূচী অনুসৰি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ ইয়াত

সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব বাংলাদেশৰ ৰাজধানী ঢাকাস্থিত বাংলা একাডেমীৰ সভাপতি সেলিনা হোছেইনে ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব কলকতাৰ প্ৰসিদ্ধ বাংলা ঔপন্যাসিক তিলোত্তমা মজুমদাৰ আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট অসমীয়া ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ আনহাতে ১০ ডিচেম্বৰৰ সামৰণী অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰিব বিশিষ্ট বাংলা কবি, শিশু সাহিত্যিক, বাংলা শিশু অকাডেমীৰ মহা পৰিচালক আনজীৰ লিটনে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব গুৱাহাটীত থকা বাংলাদেশৰ এচিস্টেন্ট হাই কমিচনাৰ ৰুহুল আমিন আৰু

শিলচৰৰ বিশিষ্ট লেখক-গৱেষক ড° অমলেন্দু ভট্টাচাৰ্যই ৷ প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি অসম গ্ৰন্থমেলা, শিলচৰত গুৱাহাটী-শিলচৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে বাংলাদেশৰ ১৫ টা, কলকতাৰ ১২টা, নতুন দিল্লীৰ আৰু আগৰতলাৰ কেইবাটাও অভিজাত প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিব বুলি ইতিমধ্যে নিশ্চয়তা প্ৰদান কৰিছে ৷ কলকতাৰ প্ৰকাশন গোষ্ঠীসমূহৰ ভিতৰত আছে দেব সাহিত্য কুটীৰ, দে’জ পাব্লিছিং, চক্ৰবৰ্তী চেটাৰ্জী, অক্সফৰ্ড বুক, ইউনাইটেড বুক এজেঞ্চি, চিত্ৰলেখা, চাইমন এণ্ড কাষ্টাৰ ইণ্ডিয়া, পত্ৰ ভাৰতী, পাব্লিছাৰ্চ গীল্ড, অমৰ চিত্ৰলেখা, উডপেকাৰ আৰু নিউ ডলফিন৷ ইপিনে

নতুন দিল্লীৰ প্ৰকাশন গোষ্ঠী দুটা হৈছে বুক ফ’ৰ্ড পাব্লিকেচন, চিল্ড্ৰেন বুক ট্ৰাষ্ট ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলা, শিলচৰলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰিছে ৷

Leave A Reply

Your email address will not be published.