ashomiyapatrika.com

দিপাৱলী পালন কৰি বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ উচ্ছেদিত শিলসাঁকোবাসীৰ

0 26

গুৱাহাটীঃ ২০২২ চনৰ পৰা পৰ্যায়ক্ৰমে উচ্ছেদ হোৱা শিলসাঁকোবাসীৰ গৃহহীন খিলঞ্জীয়া ৰাইজে আজি মুকলি আকাশৰ তলত সমূহীয়াকৈ দিপাৱলী পালন কৰি বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰম্ভণিৰ দিনাৰে পৰা ৰাইজৰ আবেদন, দাবী, প্ৰতিবাদ, আপত্তিক নস্যাৎ কৰি কেৱল মইমতালিৰে ঘৰবোৰ ভাঙি চিঙি গৃহহীন কৰা হাজাৰোধিক পৰিয়ালৰ লোকসকল বৰষুণত তিতি, ৰদত শুকাই দিন কটাই আহিছে৷ প্ৰায় প্ৰত্যেকদিনেই ৰাইজে প্ৰতিবাদ কৰি আহিছে ন্যায্য প্ৰাপ্তিৰ দাবীত তথাপি আজিকোপতি কেৰেপ কৰা নাই চৰকাৰে। নিৰ্যাতন, দমন নীতিৰে ৰাইজে প্ৰদান কৰা ক্ষমতাৰে ৰাইজকেই অত্যাচাৰ কৰি শোষণ কৰি আহিছে তথাকথিত খিলঞ্জীয়াৰ

চৰকাৰে। আজিও ৰাইজে প্ৰতিবাদ কৰিছে চচলৰ ধৰ্ণাস্থলীৰ পৰা৷ যি সময়ত সমগ্ৰ দেশত পোহৰ ৰ উৎসৱৰ ৰং আনন্দত সকলো মতলীয়া, তেনে সময়ত একেখন দেশৰে অসম ৰাজ্যৰ এটা কোণত গৃহহীন ৰাইজে চাকি জ্বলাই উচ্ছেদৰ প্ৰতিবাদ কৰিছে ।লগতে ৰাইজে কামনা কৰে যাতে চাকিৰ পোহৰে চৰকাৰৰ বৰমূৰীয়া সকলৰ লগতে প্ৰশাসনৰ লোকসকলৰ মন মগজুৰ পৰা অপকৰ্ম,বেয়া চিন্তা, ৰাইজ বিদ্বেষী মনোভাৱ আতঁৰাই সুচিন্তা, কৰ্ম কৰিবলৈ উদগণি দিয়ে যেন৷ উচ্ছেদিত ৰাইজৰ প্ৰতিবাদ কাৰ্যসূচীত উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ

গায়ত্ৰী বড়ী, ইন্দু বৰা, বিতুমনি দাস বেগমে, নমী হালডাৰ, মমীনা বেগম আদিয়ে নেতৃত্ব প্ৰদান কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.