ashomiyapatrika.com

বকোৰ উত্তৰ বৰপাৰা শ্যামা কালী পূজাৰ ১৯ সংখ্যক পূজা শুভাৰম্ভঃ মুল দ্বাৰ উদ্ঘাটন কৰে যুৱ নেতা সুমিত ৰাভাই

0 49

বকোঃ শৰৎকালৰ শাৰদীয় বতৰত দূৰ্গতীনাসিনী দেৱীৰ পূজাই ভক্তগণক কৰে বিভোৰ। ধাৰাৰ বুকুত আজি শ্যামা কালী দেৱীৰ পূজা। ইফালে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোৰ উত্তৰ বৰপাৰা শ্যামা কালী পূজা উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে ১৯ সংখ্যক পূজা ভাগি। উত্তৰ বৰপাৰাত শ্যামা কালী পূজা ভাগি উদযাপন কৰিবলৈ যুৱ কৰ্মী ননীগোপাল দাসক সভাপতি, বৃতি দাসক কাৰ্য্যকৰী সভাপতি, হীৰেণ ৰাভা, গণেশ পাল আৰু মুকেশ পালকে ধৰি পাঁচ গৰাকী উপ সভাপতি আৰু মিন্টু পালক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা হৈছে পূজা আয়োজন সমিতি খন। আজিৰ পৰা অৰ্থাৎ ১২ নৱেম্বৰৰ পৰা ১৪

নৱেম্বৰ অৰ্থাৎ ২৫ কাতিৰ পৰা ২৭ কাতিলৈ তিনি দিনীয়াকৈ বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে শ্যামা কালী পূজাৰ। ইফালে উত্তৰ বৰপাৰা শ্যামা কালী পূজাৰ লগত সংগতি ৰাখি এই বেলি আয়োজন কৰা হৈছে উপহাৰ কুপনৰ খেল। বৰপাৰাৰ শ্যামা পূজাৰ কাৰ্য্যসুচী অনুসৰি দিনৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া দেৱীৰ বেদীত মা ৰ প্ৰতিমা স্থাপন। ইয়াৰ পিছতে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাৰ জৰিয়তে পূজা মণ্ডপৰ মুল প্ৰবেশ দ্বাৰ উদ্ঘাটন। পূজাৰ শুভাৰম্ভৰ অনুস্থানত অংশগ্ৰহণ কৰে যুৱ সমাজ কৰ্মী পবিত্ৰ দাস,

তুলসী মণ্ডল, বিপুল বিকাশ ডেকাৰ উপৰিও আই মাতৃ সমাজ সহ ঠিয়া নামৰ দলৰ সদস্যা বৃন্দ। ইফালে কালিলৈ যথা বিহিত পূজা, নাম প্ৰসংগ, মহা আৰতি লগতে সন্ধিয়া আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.