ashomiyapatrika.com

ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ

0 29

গুৱাহাটীঃ ৰাজ্য কপাই যোৱা গুৱাহাটী মহানগৰীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে। কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ ৯১/২৩ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহন কৰি আদালতে চুক্তি সাপেক্ষে জামিন মঞ্জুৰ কৰে। কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ চুক্তি অনুসৰি বন্দন কলিতাই সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰা দিব লাগিব। তদুপৰি বন্দনা কলিতাই আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব। ইয়াৰ লগতে বহু কেতবোৰ চুক্তি আদালতে বন্দনা কলিতাক বান্ধি দিছে। দুই এদিনৰ ভিতৰতে বন্দনা

কলিতাই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৱ। আনহাতে, বন্দনা কলিতাৰ জামিন লাভ কৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দূজনকৈ লোকক নৃশংস ভাবে হত্যা কৰা বন্দনা কলিতাই কেনেকৈ জামিন লাভ কৰিলে তাকে লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে বন্দনা কলিতাই দুই সহযোগীৰ সহযোগত নাৰেংগীৰ বাস গৃহত অতি পৰিকল্পিতভাৱে নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল ৷ কেৱল হত্যা কৰাই নহয়, বন্দনাই মৃতদেহ দুটা কাটি টুকুৰা টুকুৰকৈ মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল ৷ ২০২২ চনৰ জুলাই আৰু আগষ্ট মাহত গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেঙ্গীত সংঘটিত ডাৱল মাৰ্ডাৰৰ ঘটনাই

ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ বৰ্তমান কাৰাগাৰত থকা বন্দনা কলিতাৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে জামিন লাভ কৰাৰ পিছত। ৰাজ্য কঁপাই যোৱা ডাৱল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই মুকলি আকাশৰ তললৈ আহি আকৌ হত্যাকাণ্ড সংঘটিত কৰে নেকি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷

Leave A Reply

Your email address will not be published.