বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোসাঁই আশ্ৰিত শিৱ মন্দিৰৰ সাহায্যৰ্থে উপহাৰ কুপনৰ খেল আয়োজনঃ শিৱ ৰাত্ৰীৰ দিনা অনুষ্ঠিত হ’ব খেল
বকোঃ দেৱাদিদেৱ মহাদেৱক উপাসনা কৰা শক্তিস্থান কামৰূপ জিলাৰ বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোঁসাই আশ্ৰিত মন্দিৰৰ সাহায্যৰ্থে মন্দিৰ সমিতিয়ে আয়োজন কৰিছে উপহাৰ কুপনৰ খেল। বকো আৰক্ষী থানাৰ নাৰেঙ্গাস্থিত ভাঙ্গাৰা গোঁসাই ঘৰ আধুনিকিকৰণৰ বাবে আঁচনি গ্ৰহণ কৰি আয়োজন কৰিছে উপহাৰ কুপনৰ খেল খন।ভাঙ্গাৰা গোঁসাই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চবিন কৈৱৰ্ত আৰু সম্পাদক কাতি ৰাম কৈৱৰ্তৰ তৎপৰতাত আয়োজন কৰা জনবহুল সভাত উপহাৰ কুপনৰ খেলৰ কাৰ্য্যালয় আৰু টিকট আনুস্থানিক ভাৱে উদ্ধোধন কৰে ৬৮ নং উত্তৰ বকো গাওঁ পঞ্চায়ত সভাপতি দেৱেন চন্দ্ৰ ৰাভাই। ইফালে আজিৰ পৰাই টিকট বিক্ৰীৰ
ধুম উঠিছে বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে। উপহাৰ কুপন ক্ৰয়ৰ বাবে অনলাইন – 8472987613 নম্বৰ প্ৰকাশ কৰিছে কুপন বিক্ৰীদাৰ সকলে। অহা শিৱৰাত্ৰি পূজাত অৰ্থাৎ ২০২৪ বৰ্ষৰ ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব উপহাৰ কুপনৰ খেল। উল্লেখ্য যে আজি উপহাৰ কুপনৰ খেলৰ যাৱতীয় কাম-কাজৰ বাবে অস্থায়ী কাৰ্য্যালয় আৰু কুপনৰ আনুস্থানিক উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে গাওঁ ৱাৰ্ড সদস্যা ৰমিলা কৈৱৰ্ত, মন্দিৰ পৰিচালনা সমিতিৰ উপ সভাপতি ভোগেৰাম কৈৱৰ্ত, সহকাৰী সম্পাদক গোপাল কৈৱৰ্ত, বকোৰ যুৱ সমাজ কৰ্মী উমেশ ৰাভাকে ধৰি বহু সংখ্যক শুভাকাংশী।