ashomiyapatrika.com

শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ ২৯ আৰু ৩০ মাৰ্চত ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসুচী

0 58

বকোঃ শিশু শিক্ষা সমিতি অসমৰ তত্বাৱধানত পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ পছিশ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে নিকেতন খনত আয়োজন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ অনুস্থান। উল্লেখ্য যে ইতিপূৰ্বে গঠন কৰা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ আজি অনুস্থিত হয় বিশেষ কাৰ্য্যকৰী সভা। নিকেতন খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসুচী আয়োজক সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ আত ধৰে যুটীয়া সাধাৰণ সম্পাদকৰ অন্যতম মৃদুল কলিতাই। সভাৰ কাৰ্য্যসুচী অনুসৰি প্ৰথমতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে অহা বৰ্ষৰ

২৯ আৰু ৩০ মাৰ্চত দুই দিনীয়া বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হ’ব ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসুচী। নিকেতন খনৰ প্ৰধান আচাৰ্য্য তথা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দাস, খাদ্য বিভাগ উপ সমিতিৰ সভাপতি তথা ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতা, প্ৰচাৰ বিভাগৰ সভাপতি বিষ্ণু ৰাম দাসৰ উপৰিও উপ সমিতি সমুহৰ বহু কেইজন বিষয় ববীয়াৰ লগতে নিকেতন খনৰ আচাৰ্য্য আৰু যঠেষ্ট ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সভাত ৰূপালী জয়ন্তী বৰ্ষৰ দুই দিনত ৰূপায়ণ কৰিবলগীয়া কাৰ্য্যসুচী সমুহৰ তালিকা প্ৰস্তুত কৰা হয়। যুটীয়া সম্পাদক ধীৰাজ বড়ো আৰু বৰেণ্য ভূষণ ৰাভাৰ তৎপৰতাত আয়োজন কৰা সভাত

অস্থায়ী কাৰ্য্যালয় স্থাপন, বেণাৰ পোষ্টাৰ লগোৱা, যাৱতীয় কাম-কাজৰ সকলো দিশ সুষ্ঠ ভাৱে আলাপ আলোচনা কৰা হয়। ইফালে সভাত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি নিকেতন খনৰ আভ্যন্তৰীণ আন্ত:গাঠনিৰ ওপৰতো আলোকপাত কৰে। ইফালে পৰৱৰ্তী সভাত নিমন্ত্ৰণী চিঠি আৰু অতিথিৰ বিষয়ে আলোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.