শিশু বিজ্ঞান সমিতিৰ ৩১ সংখ্যক ৰাজ্যিক সমাৰোহ হাফলংলৈ ৰাওনা কামৰূপ জিলাৰ শিশু বিজ্ঞানী
শুভেচ্ছা জনালে ড° গণেশ্বৰ চহৰীয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই
বকোঃ ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰিবলৈ কামৰূপ জিলাৰ অংশগ্ৰহণকাৰী সকল ডিমা হাছাও জিলাৰ হাফলঙৰ ডন বস্কʼ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰাওনা হৈছে। উল্লেখ্য যে ৮ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই সমাৰোহত ইতিমধ্যে ১৫ অক্টোবৰত বকো হাইস্কুলত অনুষ্ঠিত কামৰূপ জিলা সমাৰোহত ১২ টা প্ৰকল্প ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। সেই প্ৰকল্প কেইটাৰ ১২ গৰাকী শিশু বিজ্ঞানীৰ লগতে তেওঁলোকৰ সুৰক্ষা শিক্ষক হিচাপে ছোৱালী দলৰ বাবে পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী জুৰি পাটোৱাৰী আৰু ল’ৰা দলৰ বাবে আন্ধেৰিটাৰী
বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পৱিত্ৰ কৈৱৰ্ত্তৰ লগতে জিলা সমন্বয়ক তথা কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলতাফ হুছেইন খণ্ডকৰ , জিলা শৈক্ষিক অধ্যক্ষ দীনেশ চন্দ্ৰ কলিতা, জিলা শৈক্ষিক সমন্বয়ক তথা পূৱপাৰ মদাৰতলা হাইস্কুলৰ বিজ্ঞান শিক্ষক তীৰ্থমণি ডেকা, সহযোগী হিচাপে যতীন গোস্বামী উক্ত সমাৰোহত অংশগ্ৰহণ কৰিব। দলটি ৰাওনা হোৱাৰ আগমুহূৰ্তত দক্ষিণ কামৰূপৰ আটাইয়ে ছয়গাঁওত সমবেত হয় আৰু আয়োজক সমিতিৰ সভাপতি ড° গণেশ্বৰ চহৰীয়াই উপস্থিত হৈ আটাইকে অভিনন্দন জনায় আৰু জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব
বুলি আশা কৰি জিলাৰ সমূহ অংশগ্ৰহণ কাৰীকে শুভেচ্ছা জনায় । কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়ায়ো এক বাৰ্তা যোগে ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানী সকলক শুভেচ্ছা জনায়৷