আজাৰাত শিক্ষাবিদ, অসম চুক্তিৰ স্বাক্ষৰকাৰী ড° গোবিন্দ দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সম্ভাষণ
মিৰ্জাঃ আজি গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা-মিৰ্জাপুৰৰ বাসিন্দা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপ-সভাপতি, অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি, শ্বহীদ ন্যাসৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষক সমন্বয় সমিতিৰ প্ৰাক্তন মুখ্য সভাপতি, অসম চুক্তিৰ স্বাক্ষৰকাৰী, বিশিষ্ট শিক্ষাবিদ, লেখক ড° গোবিন্দ দাসক তেওঁৰ নিজস্ব বাসভৱনত “দক্ষিণ কামৰূপ সচেতন মঞ্চ”ৰ তৰফৰ পৰা আদৰ সম্ভাষণ জনায়। অনুষ্ঠানত অংশ লৈ দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয় – ‘ড° গোবিন্দ
দাসে নিৰলস ভাৱে ওৰেটো জীৱন সমাজৰ হীতৰ বাবে কাম কৰি গৈছে৷ তেওঁৰ দূৰদৃষ্টি ভাৱে সমাজৰ হকে কন্ঠ নিগৰাইছে৷’ মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে অংশ লৈ কয়- “ছাত্ৰ জীৱনৰ পৰা অহৰহ অসমৰ সমাজ- সংহতিৰ বাবে কাম কৰা ড° দাসৰ চিন্তা-চেতনা প্ৰশংসনীয়৷’ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, সচেতন নাগৰিক বাসুদেৱ মালীয়ে কয়- ‘দাসদা, আমাৰ আদৰ্শ স্বৰূপ৷ তেওঁৰ প্ৰগাঢ় ব্যক্তিত্ব সকলোৰে বাবে ঈৰ্শনীয়৷’ ড° গোবিন্দ দাসে শেষত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ প্ৰচেষ্টাক শলাগ লৈ অনুষ্ঠানটোৰ দায়বদ্ধতাক প্ৰশংসা কৰে৷