সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ বকোৰ উদ্যোগত কথা গীত নৃত্য আৰু কবিতাৰ অনুস্থান ‘শৰতৰ এদিন’
ৰামে ওজাক ‘বীৰ সন্দে ডাকুৱা’ বঁটা প্ৰদান
বকোঃ কামৰূপ জিলাৰ সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ বকোৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বৰ্ষও কথা গীত মাত নৃত্য আৰু কবিতাৰ অনুস্থান ‘শৰতৰ এদিন’ উদযাপন কৰা হয়। সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ বকোৰ সভাপতি ডাঃ শৰৎ চন্দ্ৰ ৰাভাৰ বৰপাৰাৰ গৃহৰ চৌহদত এক বৌদ্ধিক আৰু শৈক্ষিক তথা সাংস্কৃতিক পৰিবেশত আয়োজন কৰা হয় শৰতৰ এদিন শীৰ্ষক মনোজ্ঞ অনুস্থানটো। উদ্যোক্তা অনুস্থানৰ সচিব তথা অৱসৰপ্ৰাপ্ত শিক্ষক বেণুধৰ ৰাভাই জনোৱা মতে এই বেলি প্ৰবাদ প্ৰতীম বিশ্ব বিশ্ৰুত শিল্পী প্ৰয়াত ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি যোৱা ৫ নৱেম্বৰত আয়োজন কৰা হয় শৰতৰ এদিন অনুস্থানটো।
উল্লেখ্য যে সমগ্ৰ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বৌদ্ধিক সমাজৰ শিল্পী, সাহিত্যিক সকলোৰ সহযোগত আয়োজন কৰা শৰতৰ এদিন শীৰ্ষক অনুষ্ঠানটিৰ জৰিয়তে বিগত বৰ্ষৰ পৰা দক্ষিণ কামৰূপত ঐতিহ্য বহন কৰা তথা সৃষ্টিশীল কৰ্মৰাজীৰে বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক ‘বীৰ সন্দে ডাকুৱা’ বঁটাৰে সন্মানিত কৰা হয়। এই বেলি মাৰেগীতৰ প্ৰখ্যাত ওজা ৰামেশ্বৰ ৰাভা ওৰফে ৰামে ওজাক উক্ত বঁটা প্ৰদান কৰা হয় বুলি জনায় শৰতৰ এদিন অনুস্থানটোৰ আহ্বায়ক প্ৰবীন ৰাভা আৰু ৰমেনসিং ৰাভাই। প্ৰয়াত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে লোক সংস্কৃতিৰ গৱেষক তথা কৃষ্টি সংস্কৃতিৰ পূৰোধা
ব্যক্তি ৰাধা চৰণ ৰাভাই। সচিব বেণুধৰ ৰাভাই আত ধৰা অনুস্থানত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত ডি জি পি তথা প্ৰশাসনিক বিষয়া বিষ্ণু প্ৰসাদ ৰাভা, আকাশবাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰবীন ৰাভাকে ধৰি বহু সংখ্যক বিজ্ঞ শিল্পী, সাহিত্যিক আৰু বৌদ্ধিক ব্যক্তি। ইফালে এই বৰ্ষৰ বীৰ সন্দে ডাকুৱা বঁটাৰ মাননি আগবঢ়াই শিক্ষক প্ৰসন্ন বড়ো আৰু ৰমেন সিং ৰাভাই। বঁটা প্ৰদান কৰা অনুস্থানত বীৰ সন্দে ডাকুৱাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। অনুস্থানত নৃত্য, গীত, স্ব – ৰচিত কবিতা আৰু অন্যান্য শিল্প ক’লাৰ ওপৰত আলোচনা কৰা হয়।