ashomiyapatrika.com

বিজেপি চৰকাৰে ৭ নৱেম্বৰত পুনৰ ১০০০ কোটি ঋণ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আপঃ ঋণ নোলোৱাকৈ চৰকাৰ চলাব নোৱাৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই

0 31

বিজেপিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ অসমত লাগে ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়াঃ ডাঃ ভবেন চৌধুৰী

গুৱাহাটীঃ অসমত আজি ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন ৰাইজে উপলব্ধি কৰিছে আৰু তেতিয়াহে অসমত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ‘ছিণ্ডিকেটৰাজ’ বন্ধ হ’ব। গুৱাহাটীত আজি দলীয় ৰাজ্যিক কৰ্মী সভা সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত আপ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইদৰে আক্ৰমণাত্মক হৈ পৰে। তেওঁ লগতে কয় যে আজি সর্বত্র বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ নেতৃত্বতে সমগ্ৰ ৰাজ্যজুৰি ছিণ্ডিকেটৰাজ চলিছে। বিজেপিৰ শাসনত অসমৰ ৰাজকোষত দেউলীয়া অৱস্থা আজি স্পষ্ট হৈ পৰিছে। এই পৰ্যন্ত ১ লাখ ৫০ হাজাৰ কোটি টকাৰ অধিক

ধাৰত পোত গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বৰ্তমানৰ চৰকাৰে লোৱা ঋণৰ বিনিময়ত বছৰি ৭ হাজাৰ কোটি টকাতকৈয়ো অধিক সুত ভৰিবলগীয়া হৈছে। এতিয়া যেন ঋণ নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে চলাব নোৱাৰা হৈ পৰিছে। তাৰ বিপৰীতে দিল্লী আৰু পাঞ্জাৱত ‘আপ’ চৰকাৰে ঋণ নোলোৱাকৈ জনসাধাৰণক বিনামূলীয়া সুবিধা দি লাভত চলি আছে। চমক সৃষ্টিৰ বাবে অমৃত বৃক্ষ, অমৃত কলহ, খেল মহাৰণ আদি বিভিন্ন অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰি কোটি কোটি টকা। ইয়াৰ মাজতে শোচনীয় বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ বিজেপি চৰকাৰখনে যোৱা মাহত ২০০০ কোটি আৰু ছেপ্তেম্বৰ, অক্টোবৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লৈ

চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে ২৫০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লৈছে। যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৮ হেজাৰ কোটি টকা। ঋণ পৰিশোধ কৰাৰ বিপৰীতে এনেদৰে চৰকাৰখনে ঋণৰ বোজা বঢ়াই লৈ গৈ অসমক এক ভয়ংকৰ ভৱিষ্যতৰ লৈ গৈ আছে বুলি আম আদমি পার্টীয়ে অভিযোগ উত্থাপন কৰে। যোৱা ৭ বছৰ ৬ মাহত বিজেপি চৰকাৰে অসমৰ ৰাইজক যিমান কোটিৰ ধৰুৱা কৰিলে তাৰ তথ্য সদৰী কৰি অহা বিধানসভাৰ অধিৱেশনৰ আগেয়ে এখন শ্বেতপত্র প্রকাশ কৰিবলৈ মুখ্যমন্ত্ৰীক ‘আম আদমি পার্টী’ য়ে দাবী জনায়। এই তথ্য জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে৷

Leave A Reply

Your email address will not be published.