ashomiyapatrika.com

সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ বকোৰ উদ্যোগত কথা গীত নৃত্য আৰু কবিতাৰ অনুস্থান ‘শৰতৰ এদিন’ৰ আয়োজনঃ বঁটা ৰামে ওজালৈ ‘বীৰ সন্দে ডাকুৱা’

0 28

বকোঃ কামৰূপ জিলাৰ সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ বকোৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বৰ্ষও কথা গীত মাত নৃত্য আৰু কবিতাৰ অনুস্থান ‘শৰতৰ এদিন’ আয়োজন কৰা হৈছে। সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সজাজ বকোৰ সভাপতি ডাঃ শৰৎ চন্দ্ৰ ৰাভাৰ বকোস্থিত বৰপাৰাৰ গৃহৰ চৌহদত এক বৌদ্ধিক আৰু শৈক্ষিক তথা সাংস্কৃতিক পৰিবেশত আয়োজন কৰা হৈছে শৰতৰ এদিন শীৰ্ষক মনোজ্ঞ অনুস্থানটো। উদ্যোক্তা অনুস্থানৰ সচিব তথা অৱসৰপ্ৰাপ্ত শিক্ষক বেণুধৰ ৰাভাই জনোৱা মতে এই বেলি প্ৰবাদ প্ৰতীম বিশ্ব বিশ্ৰুত শিল্পী প্ৰয়াত ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি ৫ নৱেম্বৰত আয়োজন কৰা হৈছে শৰতৰ এদিন অনুস্থনটো। উল্লেখ্য

যে সমগ্ৰ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বৌদ্ধিক সমাজৰ শিল্পী ; সাহিত্যিক সকলোৰ সহযোগত আয়োজন কৰা শৰতৰ এদিন শীৰ্ষক অনুষ্ঠানটিৰ জৰিয়তে বিগত বৰ্ষৰ পৰা দক্ষিণ কামৰূপত ঐতিহ্য বহন কৰা তথা সৃষ্টিশীল কৰ্মৰাজীৰে বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক ” বীৰ সন্দে ডাকুৱা ” বঁটাৰে সন্মানিত কৰা হয়। এই বেলি মাৰেগীতৰ প্ৰখ্যাত ওজা ৰামেশ্বৰ ৰাভা ওৰফে ৰামে ওজাক উক্ত বঁটা কাইলৈ প্ৰদান কৰা হ’ব বুলি জনায় শৰতৰ এদিন অনুস্থানটোৰ আহ্বায়ক প্ৰবীন ৰাভা আৰু ৰমেনসিং ৰাভাই।

Leave A Reply

Your email address will not be published.