ashomiyapatrika.com

উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ নতুন মহাপ্ৰৱন্ধক হিচাপে সতীশ কুমাৰ পাণ্ডেৰ যোগদান

0 31

গুৱাহাটীঃ ইউপিএছচিৰ ১৯৮৬ বেটচৰ ভাৰতীয় ৰেল সেৱাৰ অভিযন্তা বিষয়া সতীশ কুমাৰ পাণ্ডেই উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেখেত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজী, ৰুৰকীৰ পৰা চিভিল ইঞ্জীনিয়াৰিঙত স্নাতক হোৱাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজী, দিল্লীৰ পৰা চইল মেকানিকচ আৰু চিভিল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ। মহাপ্ৰৱন্ধক নিৰ্মাণ হিচাপে তেখেত উত্তৰ পূব সীমান্ত ৰে’লৱে অধিক্ষেত্ৰৰ পশ্চিমবঙ্গ, বিহাৰৰ কিছু অংশ সামৰি ছিকিম আৰু উত্তৰ পূৰ্ব্বাঞ্চলৰ সমগ্ৰ ৰাজ্যৰ ৰে’লৱে নিৰ্মাণ কাম কাজৰ ভাৰপ্ৰাপ্ত বিষয়া হ’ব। সতীশ কুমাৰ পাণ্ডেই ১৯৮৮ চনত ভাৰতীয় ৰেলত প্ৰবেচনেৰী

বিষয়া হিচাপে যোগদান কৰে। কৰ্মজীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত, তেখেত মুজাফ্ফৰপুৰৰ সহকাৰী মাণ্ডলিক অভিযন্তা হিচাপে নিযুক্তি লাভ কৰিছিল। তেখেত উত্তৰ-পূব ৰেলৱেৰ ফ্লাশ্ব বাট প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তাৰ লগতে বাৰাণসী আৰু সোনপুৰ মণ্ডলৰ জ্যেষ্ঠ মাণ্ডলিক অভিযন্তা হিচাপে সেৱা আগবঢ়াইছিল। তেখেত মাৰ্চ, ২০০৭ ৰ পৰা মে, ২০০৯ লৈকে উত্তৰ-পূব ৰেলৱেৰ অধীনৰ লক্ষ্ণৌ মণ্ডলৰ অতিৰিক্ত মাণ্ডলিক ৰেলৱে প্ৰৱন্ধকৰ দায়িত্বতো আছিল।কৰ্মজীৱনৰ সময়ছোৱাত তেখেত কাৰ্যবাহী সঞ্চালক/কিউএ/চিভিল আৰু কাৰ্যবাহী সঞ্চালক/ট্ৰেক হিচাপে ৰিচাৰ্চ ডিজাইনএণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচন (আৰডিএছঅ’)ত নিযুক্তি লাভ কৰে।

ৰে’লৱে ব’ৰ্ডত তেখেতৰ কাৰ্যকালত, তেখেত আগষ্ট, ২০১৫ ৰ পৰা মাৰ্চ, ২০১৭ লৈ কাৰ্যবাহী সঞ্চালক/চিই/পি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে এপ্ৰিল, ২০১৭ ৰ পৰা জুন, ২০১৮ লৈ ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ)/এনই চাৰ্কোলৰ দায়িত্বতো আছিল। তেখেত উত্তৰ-পূব ৰেলৱেৰ মুখ্য ট্ৰেক অভিযন্তা আৰু প্ৰধান মুখ্য অভিযন্তা আৰু উত্তৰ ৰেলৱেৰ প্ৰধান মুখ্য অভিযন্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক হিচাপে যোগদান কৰাৰ পূৰ্বে, তেখেতে ৰে’লৱে ব’ৰ্ডৰ অধীনত অতিৰিক্ত সদস্য/ৱৰ্কচ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

Leave A Reply

Your email address will not be published.