ashomiyapatrika.com

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘একতাৰ দৌৰ’

0 55

গুৱাহাটীঃ ‘লৌহ মানৱ’ চৰ্দাৰ বল্লভভাই পেটেলৰ পৱিত্ৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা কামৰূপ আৰক্ষী, শিক্ষা, ক্ৰীড়া আদি বিভাগ সমুহৰ সহযোগত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ, আমিনগাৱৰ পৰা আজি পুৱা ৮ বজাতে জিলা পৰ্যায়ৰ “একতাৰ দৌৰ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই পতাকা জোকাৰি মুকলি কৰা এই “একতাৰ দৌৰ” কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত, মহকুমাধিপতি (সদৰ), উপ-আৰক্ষী অধীক্ষক, জিলা ক্ৰীড়া বিষয়াকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ

বিষয়া-কৰ্মচাৰী, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে সাংবাদিক তথা জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তদুপৰি এই দিৱসৰ লগত সংগতি ৰাখি দেশৰ একতা, অখণ্ডতা শক্তিশালী কৰাৰ এক শপত গ্ৰহণ অনুষ্ঠানো অনুষ্ঠিত হয়। শপত বাক্য পাঠ কৰোৱায় অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বক্তব্য প্ৰদান কৰি জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই দেশৰ একতা আৰু অখণ্ডতা শক্তিশালী কৰাৰদিশত চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়াই যোৱা বিশিষ্ট অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। শান্তি-সমৃদ্ধি আৰু একতাৰ অনন্য নিদৰ্শনেৰে আজি বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিচিতি লাভ

কৰা ভাৰতবৰ্ষৰ এই যাত্ৰা আৰু অধিক উজ্জ্বীৱিত ৰূপত আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হবলৈ নৱপ্ৰজন্ম বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক তেখেতে আহ্বান জনায়। অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই তেখেতৰ বক্তব্যত কয় যে আমাক দেশৰ সেৱাত নিজকে সমৰ্পিত কৰিবলৈ অনুপ্ৰাণিত কৰা ব্যক্তি গৰাকী হৈছে চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলে ১৯৪৭ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ ৫৫০ তকৈও অধিক ৰাজকীয় ৰাজ্যক এখন দেশলৈ একত্ৰিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। একত্ৰিত ভাৰত গঢ়ি তোলাত চৰ্দাৰ বল্লভভাই পেটেলৰ কূটনীতি আৰু

দূৰদৰ্শিতাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। যুৱ প্ৰজন্মই চৰ্দাৰ পেটেলৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা ল’ব লাগিব আৰু দেশৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাব লাগিব বুলি আয়ুক্ত গৰাকীয়ে কয়। ইয়াৰ পিছতে সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।ইফালে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কামৰূপ জিলাৰ বিদ্যালয় সমূহতো আজি ‘একতাৰ দৌৰ’ অনুষ্ঠিত কৰা হয়।

Leave A Reply

Your email address will not be published.