ashomiyapatrika.com

আপ’ৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ চমন জাৰি কৰাত ক্ষোভ প্রকাশ ‘আপ’ৰ অসমৰ

0 44

সকলোৰ বিৰোধী নেতাক কাৰাগাৰত ভৰালেও ২৪’ত বিজেপিৰ পৰাজয় নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী

গুৱাহাটীঃ কেন্দ্ৰীয় বিধি বলৱৎকাৰী সংস্থা চমুকৈ ই ডিয়ে দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত ইডি কার্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰাত ক্ষোভ প্রকাশ কৰিছে আম আদমি পাৰ্টী অসম ৰাজ্যিক সমিতিয়ে। দলটোৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ইডিৰ এই কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰি কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে- ‘বিজেপিয়ে আপৰ উত্থানত সংকিত হৈ যিকোনো প্ৰকাৰে দলটোক ধ্বংস কৰিব বিচাৰিছে। বিজেপিয়ে ভুৱা গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব খুজিছে আৰু আপক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। নিৰ্বাচনৰ

প্ৰাকক্ষণত প্রধানমন্ত্ৰীয়ে বিৰোধী নেতাক এনেদৰে কাৰাগাৰত ভৰায় নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে যদি ভুল বুজিছে। সকলোকে কাৰাগাৰত ভৰালেও এইবাৰ জনসাধাৰণে বিজেপিক ভোট নিদিয়ে।’ উল্লেখ্য যে নির্বাচনী পাঁচখন ৰাজ্যত বিজেপিয়ে পৰাজয়ৰ ভয়ত বিৰোধী পক্ষত থকা নেতাৰ বিৰুদ্ধে ই ডিয়ে নতুন গোচৰ নথকা নেতাক পুৰণি গোচৰৰ ফাইল খুলি হলেও জোৰদাৰ তদ ন্ত চলাইছে। আম আদমি পার্টীয়ে ইডি এতিয়া বিৰোধী নেতাৰ বাসগৃহত ৰাস্তাৰ কুকুৰতকৈ বেছিকৈ ঘূৰিবলৈ লৈছে বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.