গোৱা ৰাষ্ট্ৰীয় ক্রীড়ালৈ অসম টাইকোৱাণ্ডো দল যাব আজি
গুৱাহাটীঃ গোৱাত অনুষ্ঠিত ৩৭তম ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অসম টাইকোৱাণ্ডো দলে কমেও পাঁচটা পদক জয় কৰিব। আজি এক সংবাদমেল যোগে গোৱা অভিমুখী অসম টাইকোৱাণ্ডো দলটোক শুভেচ্ছা জ্ঞাপন কৰি এই কথা প্ৰকাশ কৰিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। স্থানীয় নেহেৰু ষ্টেডিয়ামস্থিত সন্হাৰ কেন্দ্ৰীয় কাৰ্যালয়ত কার্যকৰী সভাপতি দিগন্ত বৰা আৰু প্ৰঞ্জল বুঢ়াগোহাঁইক কাষত বহুৱাই আয়োজন কৰা সংবাদমেলত অসম দলটোৰ কিউৰোগীৰ ছয়গৰাকী আৰু পুমছেৰ ন গৰাকী খেলুৱৈ, দুগৰাকী প্ৰশিক্ষক ক্ৰমে আন্তর্জাতিক পদক জয়ী সুবেন্দ্ৰ ভাণ্ডাৰী, নিলম জ্যোতি কলিতা, মেনেজাৰৰ দায়িত্বত
থাকিব ভূপাল থাপা আৰু বিৰিঞ্চি শইকীয়া বুলি সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই সংবাদমেলত উল্লেখ কৰে। ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাখনলৈ অসমৰ আন্তৰ্জাতিক ৰেফাৰী আলি আহমেদ জাফ্ৰী আৰু ৰাষ্ট্ৰীয় ৰেফাৰী শবনম কোমে খেল পৰিচালনাৰ দায়িত্ব পালন কৰিব। কাইলৈ প্ৰতিযোগিতালৈ যাবলগীয়া অসম দলটোৰ খৈলুৱৈ সকল হ’ল- কিউৰোগীত নির্মাণ ৰূপম কাশ্যপ, চামা নাৰ্জাৰী, আকাশ ত্যাগী, আস্থা ৰাণী খনিকৰ, কাশিখা বৰুৱা, মনিকা বৰবা, পুমছেত ৰবি চৌধুৰী, অনুস্কা পি. গগৈ, প্রিতম কিশোৰ বৰা, মহাশ্বেতা কাশ্যপ, এৰিন নবিশ, ঋষভ চৌধুৰী, আকাংক্ষা পি. গগৈ, দেৱদাস কুমাৰ ৰয় আৰু স্বেতা শর্মা।