ashomiyapatrika.com

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি ৫১,০০০তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰঃ ‘আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, এক স্বচ্ছ ব্যৱস্থাও বজাই ৰখাটো নিশ্চিত কৰিছোঁ’

0 37

১০১ জন প্ৰাৰ্থীক মালিগাঁৱৰ ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নতুন দিল্লী/গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰে আৰু বিভিন্ন চৰকাৰী বিভাগত নৱনিযুক্ত ৫১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নৱনিযুক্তিপ্ৰাপ্তসকলে ৰে’ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৩৭ খন ঠাইৰ পৰা জনপ্ৰতিনিধিসকল আৰু নৱনিযুক্তসকল সংযুক্ত হৈ আছিল। এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ

পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ ৰে’লৱে অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু ১০১ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা বছৰ অক্টোবৰত ৰোজগাৰ মেলা আৰম্ভ হোৱাৰ লগে লগে যুৱপ্ৰজন্মৰ সংস্থাপনৰ যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে৷ চৰকাৰে নিযুক্তিৰ সুযোগ প্ৰদান কৰা পৰম্পৰাগত খণ্ডসমূহক শক্তিশালী কৰি আছে আৰু লগতে নৱীকৰণযোগ্য শক্তি, মহাকাশ, স্বয়ংক্ৰিয়কৰণ আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক প্ৰসাৰিত কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, লগতে এক স্বচ্ছ ব্যৱস্থা বজাই ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ”, নৰেন্দ্ৰ মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত পূৰ্ণ স্বচ্ছতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে কেৱল প্ৰক্ৰিয়াবোৰ সুশৃংখলিত কৰাই নহয়, লগতে পৰীক্ষাৰ প্ৰক্ৰিয়াটো পুনৰ্গঠন কৰাৰ প্ৰয়াস কৰি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৰ্মচাৰী বাছনি চক্ৰৰ অধীনত নিযুক্তিৰ বাবে লোৱা সময় এতিয়া আধালৈ হ্ৰাস কৰা হৈছে। এছএছচিৰ অধীনৰ কিছুমান পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে এতিয়া হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা বিভিন্ন আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাৰ ফলত প্ৰাৰ্থীসকলৰ বাবে ভাষাৰ বাধা

আঁতৰি গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিকোনো দেশৰ যিকোনো প্ৰতিযোগিতামূলক সুবিধা সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ যুৱশক্তিৰ প্ৰয়োজন। তেখেতে দক্ষতা আৰু শিক্ষাৰ পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে যুৱপ্ৰজন্মক নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সজ্জিত কৰি তুলিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, নতুন চিকিৎসা মহাবিদ্যালয়, আইআইটি, আইআইএম, আইআইআইটি আদি প্ৰসাৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিৰন্তৰ উন্নয়নৰ মাজেদি

আগুৱাই গৈছে আৰু সকলো ক্ষেত্ৰতে এক নতুন দিগন্তৰ সূচনা কৰিছে। কেইবা মাহ ধৰি ৰোজগাৰ মেলাৰ সফল আয়োজন কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক প্ৰকৃত প্ৰমাণ। ২০৪৭ চনৰ ভিতৰত ভাৰত যাতে এখন সম্পূৰ্ণৰূপে উন্নত আৰু আত্মনিৰ্ভৰশীল দেশ হৈ পৰে, তাৰ বাবে যুৱপ্ৰজন্মই অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। ইয়াৰ বাবে অদম্য কৰ্মস্পৃহাৰে কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দাঙি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালন কৰিবলৈ নৱনিযুক্তিপ্ৰাপ্তসকলক আহ্বান জনালোঁ।”

Leave A Reply

Your email address will not be published.