বকোৰ লাম্পীত ১১ টা চোৰাং গৰু সহ দুই সৰবৰাহীক আটক
বকোঃ ৰাজ্যত সঘনাই সংঘটিত হৈয়ে আছে চোৰাং গো ধন সৰবৰাহ।যোৱা কালি অৰ্থাৎ বৃহস্পতি বাৰে নিশাও কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত লাম্পীত ১১ টা চোৰাং গৰু সহ দুই সৰবৰাহকাৰীক জব্দ কৰে লাম্পী আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি লাম্পী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত সেইদিনা সন্ধিয়া তহলদাৰী দল এটাই জব্দ কৰে চোৰাং গৰু কেইটা। ইফালে ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মেঘালয়ৰ ফালে খোজ কঢ়াই লৈ গৈ থাকোতে জব্দ কৰে গৰু কেইটা। ইফালে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোক দুজন জয়নেগ চামাখা আৰু বিজয় ৰাইনা বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে। উল্লেখ্য যে দুয়োজন গৰু সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বকো আৰক্ষীয়ে।