ashomiyapatrika.com

মিছন বসুন্ধৰা আঁচনিৰ নামত অসমৰ খিলঞ্জীয়া লোকক চূড়ান্ত ভেকোঁভাওনা, প্ৰতাৰনা অসম চৰকাৰৰঃ কৃষক মুক্তি

0 55

অসমৰ ভূমি কেৱল অসমীয়াৰ, ভূমি অধিকাৰ পৰা অসমীয়াক বঞ্চিত কৰিলে পৰিনাম ভয়ংকৰ হ’বঃ বিদ্যুৎ শইকীয়া

গোলাঘাটঃ মিছন বসুন্ধৰা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ক্ষমতালৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে চমক সৃষ্টি কৰি বসুন্ধৰা নামেৰে আঁচনি প্ৰৱৰ্তন কৰি ৰাইজৰ মাজত নিজকে সাংঘাটিক খিলঞ্জীয়াপ্ৰেমী বুলি প্ৰচাৰ চলাই বাহ বাহ লৈছিল। বসুন্ধৰা আঁচনিৰ অধীনত আবেদন হোৱা মুঠ আবেদনৰ প্ৰায় ৭৫% বাতিল হোৱা কাণ্ডই চৰকাৰখনৰ স্থিতিক লৈ সন্দিহান কৰি তুলিছে৷ জাতীয় সমস্যাৰ অন্যতম হল খিলঞ্জীয়াৰ ভূমি অধিকাৰ, যি অধিকাৰ লাভৰ কাৰণে খিলঞ্জীয়া ৰাইজে নিজ জন্মভূমিত আজি বছৰ বছৰ ধৰি প্ৰতিবাদী, দাবী উত্থাপন কৰি আহিছে৷ চৰকাৰী তথ্য

অনুসৰি ২৮%লোকৰ এডৰাও মাটি নাই, ৩২%লোকৰ মাটিৰ মালিকীস্বত্ব চাৰে তিনি বিঘাতকৈও কম। এনে অৱস্থাত বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰে ছয় টা শ্ৰেণীক ভূমি অধিকাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰি ৰাইজক আশাৰ বাট দেখুৱাইছিল৷ বসুন্ধৰা ২.০ ৰ যোগেদি সাধাৰণ চৰকাৰী ভূমিত বসবাস কৰা, চিলিং ভূমিত বসবাস কৰা, চৰকাৰী দখল হস্তান্তৰ হোৱা একচনীয়া পট্টাভুক্ত ভূমিৰ দখলদাৰক ভূমি, ১৯৭১ চনৰ ৰায়ত আইন অনুসৰি দখলীস্বত্ব থকা ৰায়তক ভূমিৰ মালিকীস্বত্ব প্ৰদান, সংৰক্ষিত চৰণীয়া ভূমি(VGR/PGR), চাহ কফি ৰবৰৰ খেতি থকা খিলঞ্জীয়া লোকৰ ভূমি, তিনিটা প্ৰজন্ম বংশানুক্ৰমে ভোগ দখল কৰি অহা

জনজাতীয় লোকসকলক ৫০বিঘা পৰ্যন্ত ভূমিত পট্টা প্ৰদান ইত্যাদি৷ প্ৰথম পৰ্যায়ত আবেদন সাধাৰণভাৱে দেখুৱাই ব্যাপক প্ৰচাৰ চলোৱা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত মুঠ আবেদনৰ প্ৰায় ৭৫% নাকচ কৰা হয় বিভিন্ন কাৰণ দেখুৱাই। ৰাইজৰ ভূমি লাভৰ আবেদন নাকচ কৰা, শিলসাঁকো, শিলডুবি, ৰাজ্যৰ বিভিন্ন চৰ অঞ্চলত মন গলেই উচ্ছেদ কৰা এইখন চৰকাৰৰ মুখ্যমন্ত্রীৰ পত্নী গৰাকীয়ে কলিয়াবৰত একে ৰাতিৰ ভিতৰত কৃষি ভূমিক উদ্যোগিক ভূমিলৈ শ্ৰেণী হস্তান্তৰিত কৰি মালিকীস্বত্ব লাভ কৰিৰ পাৰে কিন্ত্ত বছৰ বছৰ জুৰি ভোগ কৰা, ৰাজহ প্ৰদান কৰি অহা খিলঞ্জীয়া ৰাইজে কিন্তু নিয়ম অনুসৰি আবেদন কৰিও পট্টা লাভৰ পৰা বঞ্চিত হয় এইখন

ৰাজ্যত৷ খিলঞ্জীয়া ৰাইজক ৰাতিটোৰ ভিতৰতে মুকলি আকাশৰ তললৈ ঠেলি দি ৰামদেৱ, আদানি, অৰুণ বাজাজ, ৰিণিকি ভূঞাক হাজাৰ হাজাৰ বিঘাৰ অধিকাৰী কৰি তোলা এইখন বিজেপি শাসনাধিষ্ঠ চৰকাৰে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ লৰা ধেমালী কৰিছে। প্ৰত্যেক দিনে এহালিচা এবিঘাকৈ খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ আনৰ হাতলৈ যোৱাৰ এই সময়ছোৱাত মিছন বসুন্ধৰাৰ অধীনত কৰা মুঠ আবেদনৰ ৭৫% বাতিল হোৱা কাৰ্য চৰম অশনি সংকেত৷

Leave A Reply

Your email address will not be published.