ashomiyapatrika.com

বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙতঃ জনজাতি কৰনৰ নামত চৰকাৰী প্ৰতাৰনাৰ বলি কোচ ৰাজবংশী সকল

0 34

বকোঃ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ চৰম বঞ্চনা আৰু প্ৰতাৰনাৰ বাবে ভূমিপুত্ৰ কোচ ৰাজবংশী সকল জন্মভূমিতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছে। গৰিষ্ঠ সংখ্যক ভোটাৰ থকা জনগোষ্ঠীটোক চৰম পৰ্য্যায়ত প্ৰতাৰণা কৰিছে ডৱল ইঞ্জিনযুক্ত বি জে পি চৰকাৰে। অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম বুলি গল ফুলাই ঘোষণা কৰাৰ পিছতো আজিলৈকে বিষয়টো এৰাই চলিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে। এই সন্দৰ্ভত কোচ ৰাজবংশী যুৱ নেতা বিষ্ণু ৰাম দাসে জনায় যে কেন্দ্ৰত বি জে পিৰ চৰকাৰ অহাৰ আগমুহুৰ্তত বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১২/১৩ চনত বঙাইগাঁও জিলাৰ উত্তৰ

শালমাৰাৰ কাকৈজানাত কোচ ৰাজবংশী সকলোৰ বিভিন্ন সমস্যা সমাধানৰ বিশাল জনসভাত সম্বৰ্ধনা গ্ৰহণ কৰি ঘোষণা কৰিছিল কেন্দ্ৰত বি জে পিৰ চৰকাৰ হ’লে তিনি মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। কিন্তু কেন্দ্ৰত চৰকাৰৰ দহ বছৰ হ’ল, তিনি মাহৰ সময় লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিয়েই গ’ল কোচ ৰাজবংশী সকলোক দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি। নৰেন্দ্ৰ মোদীৰ ঘোষণা, আশ্বাস আৰু বিশ্বাস সচা হ’ব বুলি কোচ ৰাজবংশী জনগনৰ ভোটাৰে প্ৰাণঢালি ভোট দিলে আৰু অসমত অধিক ভোট লাভ কৰি বি জে পিৰ বহু কেইজন সাংসদ হ’ল। কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ’ল।

ঠিক তেনেদৰে অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আহে আৰু ঘোষণা কৰে এই বাৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। তেতিয়াও কোচ ৰাজবংশী সকল উৎফুল্লিত হয়। কিন্তু প্ৰধান মন্ত্ৰীৰ দৰে বিশেষ পদবী ধাৰি ভি ভি আই পিৰো কথা তথা ঘোষণা ফো ফো। আনহাতে ২০১৬ চনত অসমত কংগ্ৰেছ দলৰ চৰকাৰ ভাঙি বি জে পিৰ চৰকাৰ গঠন কৰিবলৈ কোচ ৰাজবংশী জনগোষ্ঠীক উচতনি দিছিল যে ৰাজ্যত বি জে পিৰ চৰকাৰ হলে ছয় মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। এই বাৰো অসমৰ চুকে কোনে থকা কোচ ৰাজবংশী সকলে উঠি পৰি লাগিল

ৰাজ্যত বি জে পিৰ চৰকাৰ গঠন কৰাত। নিৰ্বাচন আহিল আৰু ভাৱা ধৰণে বি জে পিৰ চৰকাৰ গঠন হ’ল। জাতীয় নেতা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল। একাধিক বাৰ কোচ ৰাজবংশী সকলোৰ লগত আলাপ আলোচনা কৰা হ’ল কিন্তু অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা নহ’ল। এয়াও চৰম প্ৰতাৰণা। এই খিনিতে উল্লেখ কৰিব পাৰি যে ২০১৬ চনৰ সাধাৰণ নিৰ্বাচনৰ বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰথমতেই প্ৰকাশ কৰিছিল অসমৰ ছয় জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। এয়া বি জে পি দলৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা চক্ৰান্তহে আছিল। ইয়াৰোপৰি ২০১৯/২০ চনত অসমত নাগৰিকত্ব

সংশোধনী আইন চমুকৈ কা ৰ বিৰোধিতা কৰি আন্দোলন কৰা সময়ত আন্দোলনে চৰম পৰ্য্যায় পোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ কোচ ৰাজবংশী সহ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেতিয়া কা আন্দোলনো স্তব্ধ হৈ পৰিছিল। অসমৰ ছয় জনগোষ্ঠীৰ জাতীয় নেতৃবৃন্দই ভাবিছিল যে এই বাৰ জনজাতিৰ মৰ্য্যদা লাভ কৰিব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাও অসাৰ হ’ল। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰো ঘোষণা অসাৰ হ’ল। কেৱল মিছা প্ৰতিশ্ৰুতি। উল্লেখ্য যে ২০২১ চনৰ ৭ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ কোচ


ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটৰ স্বাৰ্থত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল কোচ ৰাজবংশী সকলোৰ জনজাতিৰ মৰ্য্যদা প্ৰদানৰ বিষয়টো ৯০ শতাংশ সম্পুৰ্ণ হৈছে। মাত্ৰ দুদিনমান পিছত ঘোষণা কৰা হ’ব। এই গৰাকী বহুবল্কী মুখ্যমন্ত্ৰী তথা বি জে পিৰ নেতাৰো প্ৰতিশ্ৰুতি অসাৰ হ’ল। গোকাট মিছা কথাৰে প্ৰতাৰণা কৰি বাৰে বাৰে ঠগিছে কোচ ৰাজবংশী জনতাক। সেই সময়তে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই শিলচৰত ঘোষণা কৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হ’ল। এই বাৰো অসমৰ সহজ সৰল কোচ ৰাজবংশী জনগণে

ৰাজ্যত বি জে পিৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত বি জে পি দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰে আৰু চৰকাৰ গঠন কৰাত সহযোগ আগবঢ়াই। তৎস্বতেও বি জে পি দলে সুদীৰ্ঘ দিন ধৰি কোচ ৰাজবংশী জনগনক চৰম প্ৰতাৰণা কৰি আহিছে। আজি এনেদৰে দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ ডৱল ইঞ্জিনযুক্ত বি জে পি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কোচ ৰাজবংশী জাতীয় নেতা তথা কৰ্মী বিষ্ণু ৰাম দাসে। আজি কামৰূপ জিলাৰ বকোত দাসে সাংবাদিকক প্ৰেছ বিবৃতি প্ৰদান কৰি বি জে পি দলৰ এই বঞ্চনা আৰু প্ৰতাৰণাৰ উচিত উত্তৰ দিবলৈ কোচ ৰাজবংশী জনগনক আহ্বান জনাইছে। একেটা বিবৃতিতে দাসে কোচ ৰাজবংশী সকলোক বি জে পি বিৰোধী স্থিতি

গ্ৰহণ কৰি পদবী আৰু দ’ল ত্যাগৰ আহ্বান জনাইছে। ইফালে দেশত পুনৰ লোকসভা নিৰ্বাচনৰ বতৰ সমাগত। পুনৰ বি জে পিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। এই বাৰো নিৰ্বাচনী ইস্তাহাৰত কোচ ৰাজবংশী সকলোক জনজাতিৰ মৰ্য্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সম্ভৱনা আছে। সেয়েহে সমাগত নিৰ্বাচনৰ আগে আগে কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰি দলীয় নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পালন কৰাৰ আহ্বান জনাইছে বিষ্ণু ৰাম দাসৰ লগতে জাতীয় সংগঠনটোৰ নেতৃবৃন্দই।

Leave A Reply

Your email address will not be published.