ashomiyapatrika.com

মাহেকীয়া বাৰ্তাপখিলীৰ ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ জুনু বৰালৈ

0 34

গুৱাহাটীঃ গুৱাহাটীস্থিত বিশাল প্ৰকাশনৰপৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া বাৰ্তাপখিলী’য়ে ২০১২ চনৰপৰা চল্লিশোধৰ্ৰ লেখিকাক সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰি আহিছে৷ এই প্ৰতিযোগিতাত চল্লিশোৰ্ধৰ লেখিকা এগৰাকীৰ শ্ৰেষ্ঠ প্ৰবন্ধ-নিবন্ধ সংকলনখন নিৰ্বাচকমণ্ডলীৰ দ্বাৰা বাছনি কৰি ‘পুষ্পাদেৱী জালান সোঁৱৰণি বঁটা’ প্ৰদান কৰা হয়৷ ‘বাৰ্তাপখিলী’ৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰমি ঊনত্ৰিংশ বৰ্ষত পদাৰ্পণ আৰু সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰদান কৰিব লগা ২০২৩ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচকমণ্ডলীয়ে প্ৰগতিশীল লেখিকা

আৰু নাৰী অধিকাৰ কৰ্মী জুনু বৰাক নিৰ্বাচিত কৰিছে ‘নাৰীঃ ঊনবিংশ শতিকাৰ পৰা বিংশ শতিকালৈ’ শীৰ্ষক নিবন্ধ সংকলনৰ বাবে৷ উল্লেখ্য যে গুৱাহাটীৰ বাসিন্দা জুনু বৰাৰ ইতিমধ্যে ‘লিংগ-বৈষম্য’, ‘শৃংখল ছিঙাৰ আহ৩ান’, ‘বিভিন্ন প্ৰসংগ’, ‘দুৰন্ত ঝটিকা অঞ্জলি লাহিড়ী’, ‘নাৰীৰ মূল্য’ [অনুবাদ গ্ৰন্থ] আদি প্ৰকাশ হৈছে৷ দীৰ্ঘদিন ধৰি প্ৰগতিশীল মহিলা আলোচনী ‘জোনাকী বাট’ সম্পাদনাৰে অভিজ্ঞতাপুষ্ট বৰাই কে’বাখনো গ্ৰন্থ সম্পাদনাও কৰিছে৷ উল্লেখ্য যে দ্বাদশ বৰ্ষৰ ‘পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা’ অহা ৩ নৱেম্বৰৰ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ তৰফৰপৰা গোপাল জালান আৰু ‘বাৰ্তাপখিলী’ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই জানিবলৈ দিয়ে৷ এই বঁটাৰ লগত ২১,০০০ টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ থাকিব৷

Leave A Reply

Your email address will not be published.