ashomiyapatrika.com

কামৰূপ জিলাৰ পৰা ৩২ টা অমৃত কলহ লৈ ৰাওনা ১৬ স্বেচ্ছাসেৱক

0 37

অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ্ কৰিলে বিধায়ক দিগন্ত কলিতাই

গুৱাহাটীঃ কামৰূপ জিলাৰ ১৪ টা উন্নয়ন খণ্ড আৰু দুখন পৌৰসভাৰ পৰা মুঠ ১৬ জনীয়া স্বেচ্ছাসেৱকৰ দলে দুটাকৈ অমৃত কলহ লৈ আজি গুৱাহাটীলৈ যাত্ৰা কৰে। গুৱাহাটীত কাইলৈ অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ লোৱাৰ পিছতে তেওঁলোক নতুন দিল্লী অভিমুখে ৰাওনা হ’ব। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা আনুষ্ঠানিক ভাৱে এই যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। এই উপলক্ষে বিধায়ক গৰাকীয়ে প্ৰদান কৰা ভাষণত তেখেতে সমগ্ৰ ভাৰতৰ মাটি আনি দিল্লীত দেশৰ শ্বহীদ সকলৰ স্মৃতিত নিৰ্মান কৰিব লগীয়া অমৃত পাৰ্কত আমাৰ ৰাজ্যৰ লগতে আমাৰ জিলাৰ পৰাও মাটি

পঠিয়াবলৈ আমি গৌৰৱবোধ কৰিছোঁ বুলি মন্তব্য কৰে। তেওঁ লগতে এই কাৰ্যসূচীৰ সূচাৰুৰূপে পৰিচালনা কৰা বাবে কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনায়। তেওঁ কামৰূপ জিলাৰ ১৪টা খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয় আৰু ২টা পৌৰ সভাৰ পৰা মুঠ ১৬ জন স্বেচ্ছাসেৱকে আজি এই অমৃত কলহ যাত্ৰাত নিজৰ নিজৰ খণ্ড উন্নয়ণ আৰু পৌৰ সভাৰ লগতে জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছে তাৰ বাবে তেওঁ যুৱক সকলক ধন্যবাদ জনাই আৰু তেওঁলোকক জিলাখনৰ নাম জিলিকাই ৰাখিবলৈ আহ্বান জনায়। কাইলৈ শংকৰদেৱৰ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জিলাক প্ৰতিনিধিত্ব কৰা যুৱক সকলকৰ লগত মিলিত হ’ব বুলি বিধায়ক গৰাকীয়ে ব্যক্ত

কৰে। কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা অমৃত কলহ যাত্ৰাৰ অনুষ্ঠানত জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত আয়ুক্ত সকল, মহকুমাধিপতি সদৰ দ্বয়, বিডিঅ সকলৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু খণ্ড উন্নয়ণ আৰু পৌৰ সভাৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ অহা প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানৰ পূৰ্বে আজি বিয়লি ৩ বজাত বাইহাটা চাৰিআলিত ‘মেৰা মাটি মেৰা দেশ’ কাৰ্যসূচীৰ অন্তৰ্গত তিনিটা উন্নয়ন খণ্ডৰ মাজত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত

থাকে প্ৰাইডিছ এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা। কমলপুৰ, বিহদিয়া আৰু বেজেৰা উন্নয়ন খণ্ডৰ দুই শতাধিকৈ লোকে কলহ লৈ শোভাযাত্ৰা কৰি উক্ত স্থানত উপস্থিত হোৱা পিছতে আৰম্ভ হোৱা সভাখনত সাংসদ দিলীপ শ‌ইকীয়া, বিধায়ক দিগন্ত কলিতা আৰু জিলা আয়ুক্ত কীৰ্তি জল্লীও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.