অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায়ঃ চূণচালি জয়পুৰ ঘাটত নিশা ৯বজালৈ ৪০খন পূজাৰ প্ৰতিমা বিসৰ্জন
গুৱাহাটীঃ ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পিছত আজিৰ পৰা কাৰ্যত অন্ত পৰিল শাৰদীয় দুৰ্গাপূজাৰ আনন্দ-উল্লাস। অশ্ৰুশিক্ত নয়নেৰে সমগ্ৰ দেশৰ জনতাই বিদায় দিলে দেৱী মাক৷ মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাটতো কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা ১০ বজাৰ পৰা নিশা ৯বজালৈ ৪০খন দুৰ্গা পূজাৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া দেখা যায়। বিশেষকৈ দুৰ্গা পূজাৰ প্ৰতিমাসমূহ বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ
অন্যান্য ঘাটৰ দৰে জয়পুৰ নদী ঘাটতো আৰক্ষী -প্ৰশাসন, নদী আৰক্ষী মতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয়ে যথেষ্ঠ সংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰে। প্ৰায় ১০০ মিটাৰ দূৰত্বৰ পৰা বিসৰ্জনৰ বাবে অনা প্ৰতিমাসমূহ স্বেচ্ছাসেৱক সকলে গ্ৰহণ কৰি পিছত দুৰ্গা পূজা সমিতিৰ ১০ৰ পৰা ১৫ জন কৰ্মকৰ্তাৰ উপস্থিতিত কিছু দূৰৈৰ পৰা প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাবে ব্যৱস্থা কৰা হয়। তাৰোপৰি বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ খেলিমেলি নতুবা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্ক দৃষ্টি অৱলম্বন কৰে। আনহাতে দেৱীৰ বিসৰ্জনৰ সময়ত যাতে
অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখে আৰক্ষী-প্ৰশাসনে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে এইবাৰ এই ঘাটত বৰবাৰী, বামুনিমৈদাম, সাতগাওঁ, হাতীগড় চাৰিআলি, খাৰঘুলি, চান্দমাৰী, গীতানগৰ নুনমাটি, নাৰেংগী, ফৰেষ্টগেট, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন কৰা হয়। আজিৰ এই বিসৰ্জন কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীত দেৱী, মধ্য আৰক্ষী জিলাৰ নুনমাটি সংমণ্ডলৰ এ চি পি বৰকিৰি তেৰাং, নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাং, নুনমাটি যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কামেশ্বৰ বৈশ্য,
চৰকাৰী গাওপ্ৰধান জয়ন্ত দাস, চৰকাৰৰ মনোনীত অধ্যক্ষ দিলিপ টাৰো, সদস্য পবিত্ৰ দাস, ৫৬ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি ফনীধৰ দাস, ৫৫ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি হিকমত আলী, ৫৬ ৱাৰ্ড নাগৰিক সমিতিৰ উপ সভাপতি বিশ্বজিত সিংহা, ৫৭ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি ৰজত সিং, ৫৬ নং ৱাৰ্ডৰ পৰিষদ ৰাখি বৰা, ৫৮ নং ৱাৰ্ডৰ পৰিষদ গৌৰী বৰা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়্ন্ত্ৰক কনিষ্ঠ আলোক কুমাৰ শৰ্মাকে ধৰি আন ১০ জন সদস্য উপস্হিত থাকে।