ashomiyapatrika.com

এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ঘৰৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ নাগৰিক সমাজৰ

0 42

গুৱাহাটীঃ এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ঘৰৰ ওপৰত বজৰং দলৰ পৃষ্ঠপোষকতাত এচাম যুৱকে আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে। এক প্ৰেছ বিজ্ঞপ্তিত বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, পৰমানন্দ মজুমদাৰ, পৰেশ মালাকৰ, বিবেক দাস, দেৱেন তামুলী, শান্তনু বৰঠাকুৰ, পংকজ কুমাৰ দাস, সুব্রত তালুকদাৰে উল্লেখ কৰিছে যে বাতৰিত প্ৰকাশিত ২৩অক্টোবৰৰ নিশা প্ৰায় ১২.১০ বজাত তামুলপুৰ জিলাৰ দ্বাৰকুছিস্থিত এবিএমছুৰ সভাপতি গৰাকীৰ বাসগৃহত প্ৰায় ২০০ জনীয়া এক উদণ্ড যুৱকৰ দলে ‘জয় শ্ৰীৰাম’ শ্লোগান দি

শিল-ইটা-লাঠিৰে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এক আৰক্ষী দলৰ সন্মুখতেই ভয়ানকভাৱে আক্ৰমণ চলায়৷ সেইসময়ত এবিএমছুৰ সভাপতি টাইছন হুছেইন চিৰাং জিলাৰ বিজনীত এবিএমছুৰ এক প্ৰতিনিধি সভাত উপস্থিত আছিল। ঘৰত অকলে থকা টাইছন হুছেইনৰ পিতৃ আৰু মাতৃয়ে কোনোমতে ঘৰৰ গেট বন্ধ কৰি কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে। প্ৰায় আধাঘণ্টা সময় ধৰি উক্ত যুৱকৰ দলটোৱে টাইছন হুছেইনৰ বাসগৃহলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। একেসময়ত উক্ত উদণ্ড যুৱকৰ দলটোৱে টাইছন হুছেইনৰ‌ বাসগৃহৰ সন্মুখত থকা তামুলপুৰ জিলা এবিএমছুৰ মুখ্য কাৰ্যালয়টোত শিল-ইটাৰে আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰে আৰু

সংগঠনটোৰ পতাকা দলিয়াই পেলায়। পিছত গম পোৱা অনুসৰি টাইছন হুছেইনৰ বাসগৃহৰ পৰা প্ৰায় ৭০০ মিটাৰ নিলগত হৈ থকা এখন দুৰ্গাপূজাৰ সাংস্কৃতিক সন্ধিয়াত একাংশ চেঙেলীয়া কিশোৰৰ মাজত হোৱা এখন কাজিয়াৰ আলম লৈ যুৱকৰ দলটোৱে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যেৰে টাইছন হুছেইনৰ বাসগৃহ আৰু তামুলপুৰ জিলা এবিএমছুৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰা বুলি মুকলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মঙলদৈত ৰাষ্ট্ৰীয় বজৰংগ দলৰ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা প্ৰণৱ দাস(তেৰু) আৰু অলংবাৰ বড়োৰ উপস্থিতিত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে আৰু উদণ্ড

যুৱক সকল বজৰং দলৰ বুলি জনা গৈছে। সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ আৰু ভিডিঅ’ ফুটেজ ইতিমধ্যে পোৱা গৈছে। ইয়াৰ আগতেও মঙলদৈৰ উক্ত প্ৰশিক্ষণ শিবিৰত অস্ত্ৰশিক্ষাৰ উপৰি কিছুমান নেতাই উগ্ৰ সাম্প্ৰদায়িক ভাষণ দিছিল আৰু তেতিয়াই সচেতন গণতান্ত্রিক নাগৰিকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছিল যে আৰক্ষীয়ে সেই নেতাকেইজনৰ বিৰুদ্ধে তুৰন্তে কঠোৰ ব্যৱস্থা লব লাগে আৰু বজৰং দলক অসমত নিষিদ্ধ কৰিব লাগে। অন্যথা অসমত ডাঙৰ ঘটনা ঘটাৰ আশংকা আছে। শেষত চৰকাৰ আৰু আৰক্ষীয়ে কিছুমান টুলুঙা, দায়সৰা মন্তব্য কৰি বজৰং দলৰ বিৰুদ্ধে একো ব্যৱস্থা নললে। কিন্তু এই শেহতীয়া ঘটনাৰ পৰা আমাৰ সেই

আশংকা সত্য আছিল বুলি প্ৰমাণিত হ’ল। এতিয়া আৰু সেই ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰমাণ হব যে ৰাজ্য চৰকাৰেই অসমত অশান্তি বিচাৰিছে। আৰক্ষীৰ উপস্থিতিত উল্লিখিত উপদ্ৰৱ হোৱা ঘটনাই ইংগিত দিয়ে যে আৰক্ষীক এনে ঘটনাৰ নীৰৱ দৰ্শকৰ ভূমিকা লবলৈ সাজু কৰা হৈছে। লগতে এনে পৰিস্থিতি সৃষ্টি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে বিভিন্ন সময়ত কৰা প্ৰৰোচনামূলক সাম্প্ৰদায়িক উক্তিয়ে। এতিয়া তাৰে সুযোগ লৈ বজৰং দলৰ দৰে সংগঠনে অসমত বিধ্বংসী জুই জ্বলালে মুখ্যমন্ত্ৰীয়েই জগৰীয়া হব। উক্ত ঘটনা সংগঠিত হোৱা ঠাইত উপস্থিত আৰক্ষী বিষয়া কেইজনকো জবাবদিহি কৰা উচিত আৰু পৰিস্থিতি বুজি অশান্তিৰ বিৰুদ্ধে সজাগ থাকিবলৈ ৰাইজকো সকীয়াই দিয়ে।

Leave A Reply

Your email address will not be published.