বকো কোচিং একাডেমীৰ প্ৰতিষ্ঠা দিৱস উদযাপনঃ এ পি এছ চি ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনাচক্ৰ
বকোঃ আধুনিক শিক্ষাৰ জৰিয়তে সামাজিক সেৱা তথা নিজকে প্ৰতিষ্ঠিত কৰা শিক্ষা প্ৰতিষ্ঠান কামৰূপ জিলাৰ বকো কোচিং একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। শিক্ষা প্ৰতিষ্ঠান খনৰ অধ্যক্ষ তথা পৰিচালক, যুৱ সমাজ সংগঠক ৰঞ্জন ৰাভাই জনোৱা মতে আজি দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে বকো কোচিং একাডেমীৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসুচী অনুসৰি বকোৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নন্দেশ্বৰ ৰাভাৰ জৰিয়তে বন্তি প্ৰজ্বলন আৰু জ্যেষ্ঠ্য সমাজ সংগঠক প্ৰফুল্ল কুমাৰ বড়োৰ দ্বাৰা স্মৃতি তৰ্পণ অনুস্থান ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে পাচ গৰাকী সমাজ কৰ্মী তথা অৱসৰপ্ৰাপ্ত বন
বিষয়াৰ দ্বাৰা কোচিং চেন্টাৰৰ চৌহদত গছ পুলি ৰোপণ কৰা হয়। ইফালে কোচিং একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ কেক কটা কাৰ্য্য ৰূপায়িত কৰে দৃষ্টিপ্ৰিয়া ৰাভাৰ সহিতে সমুহ ছাত্ৰ ছাত্ৰী বৃন্দই। প্ৰতিস্থান খনৰ সঞ্চালক ৰঞ্জন ৰাভাৰ সঞ্চালনাত আয়োজন কৰা হয় বৃহত্তৰ অঞ্চলটোত শিক্ষিত তথা বৌদ্ধিক সমাজত বিশেষ অৰিহণা আগবঢ়োৱা সাংবাদিক সহ মুঠ দহ গৰাকী বিশেষ ব্যক্তিক সম্বোৰ্ধনা। ইফালে প্ৰতিষ্ঠা দিৱসৰ বিশেষ কাৰ্য্যসুচী ‘এ পি এছ চি’ৰ গুৰুত্ব আৰু বৰ্তমান ছাত্ৰ সমাজত ইয়াৰ প্ৰতিযোগিতা মুলক অধ্যয়নৰ প্ৰয়োজনীয়তা – শীৰ্ষক আলোচনাচক্ৰ আয়োজন কৰে। কেৱা গৰাকীও বিজ্ঞ লোকৰ উপস্থিতিত আলোচনা চক্ৰ খন সঞ্চালনা কৰে
জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ অধ্যাপক প্ৰবোধ দাসে। অনুস্থানত আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিল্পী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰহ্লাদ বড়ো, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত শৰ্মাকে ধৰি কেৱাজনো আলোচক। অনুস্থানত শৰীৰ চৰ্চাত মিষ্টাৰ ইউনিৰ্ভাছ গোলাপ ৰাভা, অৱসৰপ্ৰাপ্ত বন বিভাগৰ কৰ্মী ৰমেন বৰা, কৰ্ণ ভূষণ ৰাভা, হিতেশ ৰাভা, কনক বড়ো, সুমিত পি মাৰাক, দূৰ্গেশ্বৰ ৰাভাকে ধৰি কেৱাজনো বিশিষ্ট অতিথি। ইফালে কাৰ্য্যসুচীৰ সামৰণিত জ্যেষ্ঠ্য শিল্পীৰ লগত কাম ভীষ্মদেৱ ৰাণাই শলাগৰ শৰাই আগবঢ়াই।