ashomiyapatrika.com

বকোৰ দক্ষিণ বৰপাৰাৰ দূৰ্গোৎসৱত মহা নৱমীৰ দেৱী বন্দনাৰে বৈদিক পূজাঃ নিশা আৰতি প্ৰতিযোগিতাত ভক্তৰ ভিৰ

0 44

বকোঃ সমগ্ৰ বিশ্বতে শাৰদীয় দূৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা বিৰাজ কৰাছে। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো দেৱী বন্দনাত মুখৰিত ভক্তগণ। বকোৰ দক্ষিণ বৰপাৰাত ২০ সংখ্যক বৰ্ষৰ দূৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰণৱ মহন্ত আৰু সম্পাদক দ্বীপ পালে জনোৱা মতে দক্ষিণ বৰপাৰা অঞ্চলৰ ধৰ্মপ্ৰণ ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে মাংগলিক ৰীতি-নীতিৰে পূজা ভাগি। সভাপতি গৰাকীয়ে কয় যে পূজাৰ বাবে পঞ্চমীত দেৱীৰ আগমণ, ষষ্ঠীত প্ৰতিষ্ঠা আৰু বোধনৰ পিছতে পূজা আৰম্ভ। ইফালে আজি মহানৱমী পূজা। পূজা সমিতিৰ কোষাধ্যক্ষ অধেশ দাসে জনোৱা মতে সম্পূৰ্ণ বেদ বেদান্তৰ নীতিৰে আয়োজন কৰা হৈছে নৱমী পূজাৰ৷

হোম যজ্ঞ, কুমাৰী পূজা আদিকে ধৰি সকলো মাংগলিক পৰম্পৰা। ইফালে যোৱা নিশা অষ্টমী পূজাৰ আৰতি প্ৰতিযোগিতাই ভক্ত গণৰ মাজত উৎসাহ যোগাইছে।অষ্টমী আৰু আজিৰ নৱমী পূজাৰ হোম যজ্ঞত আহুতি প্ৰদান কৰে সভাপতি প্ৰণৱ মহন্তই। গাওঁ খনৰ উদিয়মান যুৱ চামৰ লগতে মহিলা ভক্ত গণে পূজাৰ সকলো যাৱতীয় ব্যৱস্থা পৰিচালিত কৰে।

Leave A Reply

Your email address will not be published.