কাহিলিপাৰাৰ দুৰ্গোৎসৱত ‘শাৰদী’ উন্মোচন
গুৱাহাটীঃ গুৱাহাটীৰ বৃহত্তৰ কাহিলিপাৰা সাৰ্বজনীন দূৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত কাহিলিপাৰাৰ জনকপুৰ-কল্যাণীনগৰ সংগমস্থলত আয়োজিত এখনি সভাত মৌচুমী ভট্টাচাৰ্যৰ সম্পাদনাৰে প্ৰকাশিত ‘শাৰদী’ শীৰ্ষক দশম সংখ্যক স্মৃতিগ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয়। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি সুখ প্ৰকাশ কৰাৰ লগতে প্ৰদূষণ মুক্ত শাৰদীয় দুৰ্গা পূজা উদযাপনৰ প্ৰয়াসক ভূয়ষী প্ৰশংসা কৰে। মৌচুমী ভট্টাচাৰ্যই আঁতধৰা এই সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গোবিন্দ প্ৰসাদ শৰ্মাই পূজাৰ লগত সংগতি ৰাখি এনেদৰে ধৰ্মীয় সু-চৰ্চাক সমাজৰ
আগত তুলি ধৰাৰ প্ৰচেষ্টাৰ শলাগ লয়। সভাৰ শেষত প্ৰণতি মালা নেওগে শলাগৰ শৰাই আগবঢ়ায়। সভাত দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি ড° প্ৰবীণ বৰদলৈ, কাৰ্যকৰী সভাপতি প্ৰবীণ বৰদলৈ, সম্পাদক হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য, সম্পাদনা সমিতিৰ উপদেষ্টা অনন্ত গোস্বামী, প্ৰমোদ কটকী, প্ৰাক্তন সভাপতি বিজয় গোস্বামী, জ্যেষ্ঠ নাগৰিক প্ৰণৱ বৰুৱা, ৰবীন ভাগৱতী, প্ৰাণ কৃষ্ণ গোস্বামী প্ৰমুখ্যে দুই শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।