মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সেৱা ললে আজাৰাৰ ৭ খন দুৰ্গা পূজাত
গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া আজাৰা ৰাজহ চক্ৰ এলেকাৰ ৭ খনকৈ দুৰ্গা পূজাস্থলীত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিখন পূজাস্থলীত উপস্থিত হৈ পৰিচালনা সমিতি সমূহৰ লগত চমু আলোচনাত মিলিত হয় আৰু ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজাৰা তালুকৰ মহামায়া মন্দিৰত আয়োজিত দুৰ্গা পূজা, মিৰ্জাপুৰ তালুকৰ মহামায়া মন্দিৰত আয়োজিত দুৰ্গা পূজা, ধাৰাপুৰ তালুকৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ দুৰ্গা পূজা, গড়ল দুৰ্গা পূজা, ভি আই পি আঞ্চলিক সাৰ্বজনীন দূৰ্গা পূজা, এয়াৰফোৰ্চগেট আঞ্চলিক দুৰ্গা পূজা আৰু ডেকাপাৰা এম ই এছ দুৰ্গা পূজা স্থলীত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লয়।