ashomiyapatrika.com

বকোৰ ঐতিহ্য মণ্ডিত বাঘেশ্বৰী আঞ্চলিক দূৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ

0 55

বকোঃ দূৰ্গতিনাশিনী মহিষামৰ্দিনী দেৱী দুৰ্গা পূজাৰ আজি সপ্তমী পূজা। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাওঁৰ হলংজুলীস্থিত ঐতিহ্য মণ্ডিত মা বাঘেশ্বৰী শক্তিপীঠত বিশাল আয়োজনেৰে চলিছে দূৰ্গা দেৱীৰ পূজা। এই বেলি মা বাঘেশ্বৰী দেৱীৰ থানৰ দূৰ্গা পূজাই গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে। উল্লেখ্য যে দক্ষিণ কামৰূপৰ ভক্তপ্ৰাণ ৰাইজৰ আধ্যাত্মিক দৰ্শনৰ দেৱী স্থানৰ পূজা ভাগি উদযাপন কৰিবলৈ জ্যেষ্ঠ্য সমাজ কৰ্মী হৰেশ্বৰ বড়োক সভাপতি, শ্ৰীমন্ত কুমাৰ দৈমাৰীক কাৰ্য্যকৰী সভাপতি, কমলেশ্বৰ দলৈক সাধাৰণ সম্পাদক আৰু কমলেশ্বৰ ৰাভাক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে বাঘেশ্বৰী আঞ্চলিক শাৰদীয় দূৰ্গা পূজা

উদযাপন সমিতি খন। ইফালে হলংজুলী পাহাৰৰ নামনিত এক নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশত বাঘেশ্বৰী থানৰ স্থায়ী দেৱী থানত পূজা আয়োজন কৰা হয়। পূজা ভাগিৰ আজি মহা সপ্তমী পূজা। পূজাত অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগে পৰিবেশ মধুৰ কৰিছে। আজিৰ পূজাত বহু বিশিষ্ট অতিথিৰ উপৰিও কবি তথা শিল্পী সুৰেন্দ্ৰ স্বৰ্গীয়াৰী, কেৱাগৰাকীও সাংবাদিকে সকলোৰে মঙ্গল কামণা কৰি দেৱী মাৰ আৰ্শীবাদ বিচাৰে। ইফালে সন্ধিয়া অনুষ্ঠিত কৰা হ’ব সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচী। পূজা ভাগিৰ বিশাল আয়োজনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিয়াৱা স্মৰণিকা ‘বাঘেশ্বৰী’ আনুস্থানিক ভাৱে উন্মোচন কৰা হ’ব।

Leave A Reply

Your email address will not be published.