বকোৰ দিলিঙ্গাত মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা উদযাপন আৰু কাতি বিহু পালন
বকোঃ ধৰ্মীয় আৰু মাংগলিক পৰম্পৰা ৰীতি-নীতিৰে বিগত বছৰবোৰৰ এই বৰ্ষও কামৰূপ জিলাৰ বকোৰ দিলিঙ্গাত গঞা ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা আৰু কাতি বিহুৰ বৰ্ণাঢ্য আয়োজন। বকো ৰাজহ চক্ৰৰ ইতিহাস প্ৰসিদ্ধ গাওঁ দিলিঙ্গাত ধৰ্মপ্ৰাণ ৰাইজে কাতি বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰে শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ বাৰ্ষিক পূজা। এই উপলক্ষে আজি মা পাৰ্বতী মন্দিৰ আশ্ৰিত দিলিঙ্গা গঞা ৰাইজৰ উদ্যোগত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে পূজা ভাগি আয়োজনৰ শুভাৰম্ভ হৈছে।। কাতি বিহু আৰু পাৰ্বতী দেৱীৰ পূজা উদযাপন উপলক্ষে দণ্ডি ৰাম দাসক সভাপতি, কাৰ্তীক ঠাকুৰীয়াক উপ সভাপতি, গকুল
কলিতাক সাধাৰণ সম্পাদক আৰু নাৰায়ন মেধিক সহকাৰী সম্পাদকৰ দায়িত্ব দি গঠন কৰা হৈছে পূজা উদযাপন সমিতি খন। আজি পৰম্পৰা অনুসৰি মাংগলিক ৰীতি নীতিৰে সভাপতি দণ্ডি ৰাম দাসৰ জৰিয়তে ধৰ্ম ধ্বজ্জা উত্তোলন কৰি কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে। দিনৰ ভাগত যুৱ সমাজ কৰ্মী তথা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাসৰ জৰিয়তে দেৱী মাৰ প্ৰতিমাত মাল্যাৰ্পন আৰু বকোস্থিত পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ স্বত্বাধিকাৰী নেভিল চণ্ডি দেৱৰ জৰিয়তে সম্পূৰ্ণ নিজৰ ধনেৰে নিৰ্মাণ কৰি দিয়া খোৱা পানীৰ টেংকীৰ শুভ উদ্ধোধন কৰে।
সন্ধিয়াৰ ভাগত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী আৰু বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অনুস্থানটোৰ শুভাকাংশী জ্যোতিপ্ৰসাদ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ভিন্ন কাৰ্য্যসুচী ৰূপায়ণ কৰিব বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে।