গ্ৰাম্যাঞ্চলত বিজেপিৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি পাবঃ ৰাজ্যিক বিজেপি
গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা। এক প্ৰেছ বিবৃতিত মুখপাত্র কিশোৰ উপাধ্যায়ে কয় যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ২৫ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন গাঁৱত ৫ দিনকৈ কটাব। এনে পদক্ষেপৰ দ্বাৰা মন্ত্ৰী সকলে গ্রাম্য এলেকাৰ ৰাইজৰ অভাৱ-অভিযোগ, দুখ-দুৰ্দশাৰ বিষয়ে স্বচক্ষুৰে প্রত্যক্ষ কৰিব পাৰিব। জনসাধাৰণেও পোনপটীয়াকৈ মন্ত্ৰী সকলক নিজৰ মনভাৱ ব্যক্ত কৰিব পাৰিব। এই পদক্ষেপে চৰকাৰখনক একপ্ৰকাৰে অধিক
জনমুখী কৰি তুলিব। মুখপাত্র গৰাকীয়ে কয় যে জনতাই জনাৰ্দন, ৰাইজৰ আশীষ শিৰত লৈয়েই ভাৰতীয় জনতা পাটিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। সেয়ে ৰাইজৰ দুখ-দুৰ্দশাৰ বিষয়ে অবগত হোৱাৰ উদ্দেশ্য অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ অতিকৈ আদৰণীয়। আৰু ইয়ে অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত বিজেপিৰ গ্রহণযোগ্যতা অধিক বৃদ্ধি কৰি তুলিব। উল্লেখযোগ্য যে উক্ত সময়ত অসম চৰকাৰৰ মন্ত্ৰী সকলে গ্রাম্য এলেকাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০০ নতুন ভৱনৰ আধাৰশিলাও স্থাপন কৰিব আৰু প্ৰতিটো ভৱন নিৰ্মাণৰ বাবদ ৭ কোটিকে টকা ব্যয় হ’ব। ইয়াৰদ্বাৰা গ্ৰাম্য এলেকাৰ শৈক্ষিক পৰিকাঠামো অধিক উন্নীত হ’ব। ছাত্র-ছাত্রী
সকলেও বিদ্যালয়ত গুণগত মানৰ এক শৈক্ষিক পৰিবেশ লাভ কৰিব। বিবৃতিটোত আন এগৰাকী মুখপাত্র পংকজ বৰবৰাই লগতে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বত গুৱাহাটীবাসীয়ে এক সুস্থ সবল পৰিবেশ লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপি চৰকাৰৰ নেতৃত্বত মহানগৰীত উন্নয়নৰ মাত্ৰা অধিক বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছৰে পৰা ড° হিমন্ত বিশ্ব শর্মাই প্রতিমাহে গুৱাহাটীত উন্নয়নৰ আধাৰশিলা উদ্বোধন কৰি আহিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা ৩০ আগষ্টত ৪২০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হোৱা মালিগাঁও-পাণ্ডু সংযোগী ৰাজ্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণীয়া সেতু মুকলি কৰিছিল। যোৱা ১৫ অক্টোবৰত হেঙেৰাবাৰীত ৪৫ লাখ
লিটাৰ ক্ষমতাসম্পন্ন লিচুবাগান পানী যোগান প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। ইয়াৰদ্বাৰা ২০হাজাৰ পৰিয়ালে খোৱাপানীৰ সুবিধা লাভ কৰিব। এই ধাৰা অক্ষুণ্ণ ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুর্গা পূজাৰ শুভক্ষণত ১৯ অক্টোবৰত ৩১৬ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হোৱা শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰিব। মাত্র ১৯ মাহত সম্পূৰ্ণ হৈ উঠা এই উৰণীয়া সেতুখনে মহানগৰীৰ যানজট সমস্যা বহু পৰিমাণে উপশম ঘটাবলৈ সক্ষম হ’ব। বিজেপি চৰকাৰৰ শাসনকালত এনেদৰে গুৱাহাটীৰ সৰ্বাংগীন উন্নয়ন হোৱাৰ লগতে দেশৰ আগশাৰীৰ মহানগৰ হিচাপে পৰিচিত হ’বলৈ আগবাঢ়িছে বুলি মুখপাত্ৰ গৰাকীয়ে লগতে বিবৃতিটোত সদৰী কৰে৷