কলকাতাত পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাঃ প্ৰথম দিনা অসমৰ ১০টা পদক অৰ্জন
নিউজ ডেক্সঃ কলকাতাৰ চল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসম দলে প্ৰতিযোগিতাৰ প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে ১০টা পদক অৰ্জন কৰে। অসমে লাভ কৰিছে ২টা সোণ, ৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ১০টা পদক অৰ্জন কৰে। আজি পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক যুগান্ত চাংমাই (ডিচকাচ থ্ৰ’) আৰু শ্নেহা ডেকা(৬০মিটাৰ দৌৰ), ৰূপৰ পদক ডেনিম বৰুৱা(হাইজাম্প), মোহন বড়ো (৬০মিটাৰ দৌৰ), পাহি কেওট (১৫০০মিটাৰ দৌৰ) আৰু ব্ৰঞ্জৰ পদক চাংমিৰ টেৰনপি (৩০০০মিটাৰ দৌৰ), পাৰ্থপ্ৰতীম বুঢ়াগোহাঁই (চটপুত) আৰু হেমাংগ বৰগোহাই (হাইজাম্প),
ৰাজকিশোৰ দাস (১০০মিটাৰ দৌৰ) আৰু কপিল লাহন (ডিচকাচ থ্ৰ’)। কলকাতাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ ৯৮জনীয়া এথলীটৰ দলে অংশগ্ৰহন কৰিছে। দলটোৰ সৈতে প্ৰশিক্ষক হিচাপে গোবিন্দ মালাকৰ, পখিলা ইংতিপি, শৰ্মিলা বৰুৱা আৰু মেনেজাৰ হিচাপে গৈছে ৰূপক বৈশ্য আৰু প্ৰদীপ বৰা।পদক বিজয়ী খেলুৱৈসকলক শুভকামনা জনাইছে অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱা আৰু সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে।