ashomiyapatrika.com

কংগ্ৰেছৰ আমোলত বাংলাদেশী মূলৰ মুছলমানক ট্রাইবেল ব্রেন্ট এণ্ড বুক’ৰ ভূমি দখল কৰাৰ পৃষ্ঠপোষকতা কৰিছিল

0 26

কংগ্ৰেছৰ চৰকাৰে জনজাতীয় লোকৰ ওপৰত প্ৰথম গুলীচালনাৰ নিৰ্দেশ দিছিল

গুৱাহাটীঃ ‘অসমৰ জনজাতি সমাজে যোৱা শতিকাৰ ৭০ ৰ দশকতে কংগ্ৰেছ দলক প্রত্যাখ্যান কৰিছিল। এক কথাত ক’বলৈ হ’লে অসমত জনজাতি সকলেই কংগ্রেছক প্রথমে নস্যাৎ কৰিছিল’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনত সাংবাদিকৰ আগত শর্মাই এইদৰে মতপোষণ কৰে। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনৰ মতে বর্তমান সময়ত অসমৰ জনজাতীয় সমাজক লৈ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ প্ৰদেশ কংগ্ৰেছৰ নাই। কংগ্ৰেছ দলে অসমৰ জনজাতীয় লোক সকলৰ ওপৰত গুলীচালনাৰ বাবে প্ৰথম নিৰ্দেশ দিছিল। নিজৰ অধিকাৰ বিচাৰি আন্দোলন কৰা হাজাৰ হাজাৰ

জনজাতীয় লোকৰ ওপৰত লাঠী চালনা, কন্দুৱা গেছৰ প্ৰয়োগ আৰু গুলীবর্ষণৰ দৰে কাৰ্য কংগ্ৰেছৰ চৰকাৰ সমূহে কৰি আহিছে। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মাত্ৰ এক দশক পূর্বে ওদালগুৰিত অবৈধ বাংলাদেশী লোকে বড়ো লোক সকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল। বহু লোকৰ ঘৰবাৰী জ্বলাই দিছিল। সাম্প্রদায়িক সংঘৰ্ষত বহু জনজাতি লোকে নিজৰ প্ৰাণ হেৰুৱাৰ লগতে কেইবাখনো গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। তথাপিও নীৰৱে আছিল তৰুণ গগৈৰ চৰকাৰ। এয়াই কংগ্ৰেছৰ চৰিত্ৰ বুলি বিজেপিৰ মুখপাত্ৰজনে বৰ্ণনা কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পূৰ্বসূৰী সকলে জনজাতীয় লোক সকলক কৰা অন্যায়-

অত্যাচাৰৰ বাবে প্ৰথমতে ক্ষমা খোজা প্রয়োজন আছে বুলি শমাই কয়। জনজাতীয় লোক সকলক কৰা পাপৰ প্রায়চিত্ত নকৰাকে কংগ্ৰেছৰ মানুহে অসমৰ ভূমিপুত্ৰৰ বিষয়ে কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। উল্লেখযোগ্য যে কংগ্ৰেছৰ আমোলতেই ট্রাইবেল ব্রেন্ট এণ্ড ব্লক’ত পৰিকল্পিতভাবে বাংলাদেশী মূলৰ মুছলমান লোকক ভূমি দখলৰ সুবিধা কৰি দিয়া হৈছিল। দুধনৈ, বকো, গোৱালপাৰা, লখিপুৰ, ৰংজুলী, গোসাইগাও, বিজনী আদি বিভিন্ন স্থানত জনজাতীয় লোকৰ ভূমি বাংলাদেশী মূলৰ মুছলমানক দখল কৰাৰ বাবে কংগ্ৰেছে পৰোক্ষভাৱে পৃষ্ঠপোষকতা কৰাত আমি সকলোৱেই

প্ৰত্যক্ষ কৰিছো বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৰ কুমাৰ শৰ্মাই মত পোষণ কৰে। এনে কাৰণতেই কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বই অসমৰ প্ৰতিটো জনজাতি গাঁৱলৈ গৈ তেওঁলোকৰ পূৰ্বসূৰীয়ে কৰা পাপ আৰু অপৰাধৰ বাবে ক্ষমা বিচৰাৰ প্ৰয়োজন আছে।

Leave A Reply

Your email address will not be published.