ashomiyapatrika.com

বকোত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্নঃ বিজ্ঞান মনস্কতাৰ জৰিয়তে উদ্ভাৱনীমুলক আৱিষ্কাৰ প্ৰদৰ্শন

0 56

বকোঃ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণ আৰু ইয়াৰ উদ্ভাৱণীমুলক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে কামৰূপ জিলা শিশু বিজ্ঞান সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত আজি আয়োজন কৰা হৈছে ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ। বকো শিক্ষা খণ্ডৰ বকো হাইস্কুলৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হয় বিজ্ঞান সমাৰোহৰ বিশেষ কাৰ্য্যসুচী। বিজ্ঞান সমাৰোহ আয়োজন সমিতিৰ সভাপতি ড° গণেশ্বৰ চহৰীয়াই ৰাতিপুৱা পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে দিনযোৰা কাৰ্য্যসুচীৰ। উল্লেখ্য যে অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলোৰ মাজত বিজ্ঞানৰ ক্ষেত্ৰত থকা প্ৰতিভা সমুহ বিকশিত কৰাৰ মানসেৰে এই শিশু

বিজ্ঞান সমাৰোহ আয়োজন কৰা হৈছে বুলি পতাকা উত্তোলনৰ ভাষণত কয় চহৰীয়াদেৱে। শিশু বিজ্ঞান সমাৰোহৰ শীৰ্ষগীত পৰিবেশন কৰাৰ পিছতে জিলা শৈক্ষিক অধ্যক্ষ দীনেশ চন্দ্ৰ কলিতা আৰু বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই ছাত্ৰ ছাত্ৰী সকলোৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোক শুভেচ্ছা মুলক ভাষণ প্ৰদান কৰে। ভাৰ্গৱ হাজৰিকাই ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তাক প্ৰশংসা কৰে। সমাৰোহৰ বিশেষ কাৰ্য্যসুচীত বকো হাইস্কুলৰ ছাত্ৰী ভূপালী মহন্তই সুন্দৰ বাঁহী বাদন কৰি পৰিবেশ মধুৰ কৰি তোলে। অনুস্থানত পুৱা ১০-৩০ বজাত ছাত্ৰ ছাত্ৰীৰ প্ৰকল্প মূল্যায়ণৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ

পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। প্ৰকল্প শুভাৰম্ভ কৰি অপূৰ্ব ঠাকুৰীয়াই ভাষণ প্ৰসংগত কয় যে বিদ্যালয় সমুহত প্ৰকল্প, মডেল প্ৰস্তূত কৰনত কামৰূপ জিলাত এক পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ উদ্ভাৱণী মুলক আৱিস্কাৰত নিজকে নিয়োজিত কৰাৰ এখন ক্ষেত্ৰ সৃষ্টি কৰিছে বিজ্ঞান সমাৰোহ আয়োজক সকলে। এই ক্ষেত্ৰত বিদ্যালয় সমুহেও অনবদ্য ভুমিকা পালন আহিছে। আনহাতে বিদ্যালয় এখনৰ অকল বিজ্ঞানৰ শিক্ষকেহে এই ক্ষেত্ৰত জড়িত হ’ব লাগে বুলি কথা নাই আন আন বিষয়ৰ শিক্ষক সকলেও জড়িত হৈ ছাত্ৰ ছাত্ৰীৰ বৈজ্ঞানিক মানসিকতা

গঢ়াত সহায়ক হ’ব পাৰে বুলি শিক্ষা বিষয়া গৰাকীয়ে কয়। কামৰূপ জিলাৰ মুঠ আশী খন শিক্ষানুষ্ঠানৰ ১২৭ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আত ধৰে আৰিমত্ত বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নয়নজ্যোতি দাসে আৰু সহযোগ কৰে বকো মজলীয়া বিদ্যালয়ৰ শিক্ষক তথা সমাৰোহ আয়োজক সমিতিৰ সদস্য নৱ কুমাৰ নাথে। ইফালে শিশু বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা ‘সন্ধান’ নামৰ স্মৃতিগ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে নগৰবেৰা বি পি চি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সূৰ্য্য কলিতাই। বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰা প্ৰকল্প প্ৰদৰ্শনকাৰীক প্ৰতিযোগীতাৰ আৰ্হিত সন্মান প্ৰদান কৰা হয় বুলি জানিব দিয়ে সভাপতি ড° গণেশ্বৰ চহৰীয়াই।

Leave A Reply

Your email address will not be published.