ashomiyapatrika.com

অসম চৰকাৰৰ ‘খেল মহাৰণৰ’ প্ৰতীকত দদান ৰজাক বিকৃত ৰূপত উপস্থাপন কৰাত সংবাদ মেল আয়োজন কৰি প্ৰতিক্ৰিয়া ৰাভা যুৱ পৰিষদৰ

0 61

বকোঃ অসমৰ অন্যতম জনগোষ্ঠী ৰাভা সকলোৰ আদি পুৰুষ অৰ্থাৎ ৰাভা ৰজা দদান ৰাভাক বৰ্তমানৰ ৰাজ্য চৰকাৰে ঘোৰ অপমান কৰিছে। এই ক্ষেত্ৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গৰাকীয়ে ৰাভা জাতিৰ স্বভিমানক উপলুঙা কৰিছে। ইয়াৰ বাবে তীব্ৰ গৰিহণাৰ যোগ্য অসম চৰকাৰ আৰু টংকেশ্বৰ ৰাভা। এই বুলি আজি কামৰূপ জিলাৰ বকোত সংবাদ মেল আয়োজন কৰি বৰ্তমানৰ অসম চৰকাৰক ধিক্কাৰেৰে ওপচাই দিয়ে ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই। উল্লেখ্য যে ৰাজ্য চৰকাৰে ম’হৰ শিং লগাই ৰাভা জনগোষ্ঠীৰ উপৰি পুৰুষ দদান ৰাজাৰ নাম দি চৰকাৰে খেল মহাৰণৰ প্ৰতীক হিচাপে ব্যৱহাৰ

কৰিব বিচাৰিছে। খেল মহাৰণৰ প্ৰতীকত ম’হৰ শিং লগাই দদান ৰজাক ঘোৰ অপমান কৰাত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় যুৱ পৰিষদ। লগতে এচিয়ান গেমছৰ প্ৰতীক ৰংমণৰ আৰ্হিত দদান ৰজাক বিকৃত ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাভা কাউন্সিলৰ চীফ টংকেশ্বৰ ৰাভাৰ মন্তব্য দূৰ্ভাগ্যজনক এয়া তেওঁৰ নিজা মন্তব্য এয়া ৰাভা জাতিৰ মন্তব্য নহয় বুলি সংবাদ মেলত ঘোষণা কৰে সভাপতি ৰত্নেশ্বৰ ৰাভাই। ইফালে ৰাভা সকল শিং থকা ম’হৰ বংশধৰ নেকি বুলি টংকেশ্বৰ ৰাভাক প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ উপদেষ্টা কুশধ্বজ ৰংখই । দদান ৰাজাৰ প্ৰতিমূৰ্তিক বিকৃত ৰূপত উপস্থাপন কৰাত সহযোগ কৰি ৰাভা জনগোষ্ঠীক অসমৰ জনমানসত হেয় প্ৰতিপন্ন

কৰায় নহয় লজ্বানত কৰিছে বুলি চৰকাৰ আৰু টংকেশ্বৰ ৰাভাক তীব্ৰ ধিক্কাৰ দিছে সংবাদ মেলৰ জৰিয়তে। সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা বীৰেণ টোটোলা, কামৰূপ জিলা সমিতিৰ সভাপতি ভোগলাল ৰাভা, সদস্য নিৰঞ্জন ৰাভাকে ধৰি বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.