ashomiyapatrika.com

অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস বকোতো আয়োজনঃ সমষ্টি অগপৰ দখলত ৰখাৰ সংকল্প

0 38

বকোঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ আজি ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ বকোতো দলটোৰ প্ৰতিষ্ঠা দিৱস আড়ম্বৰপুৰ্ণ ভাৱে উদযাপন কৰা হয়। উল্লেখ্য যে বকোস্থিত অসম গন পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে পালিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাৰ্য্যালয় প্ৰাঙ্গনত দলীয় পতাকা উত্তোলন কৰে অ গ পৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ বিধান পৰিষদ সমিতিৰ সভাপতি গোলাপ মেধিয়ে। ইয়াৰ পিছতে অসম আন্দোলনৰ স্বহীদক সোৱঁৰণ কৰি শ্বহীদ তৰ্পন

কাৰ্য্যসূচী অনুষ্ঠিত হয়।শ্বহীদ তৰ্পন কাৰ্য্যসূচীত শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে শ্বহীদ মঞ্জু মহন্তৰ ভতিজী তথা সদৌ কামৰূপ জিলা জাতীয় স্বহীদ সমন্বয়ৰক্ষী সমিতিৰ সম্পাদিকা দুলুমনি মহন্তই।এই কাৰ্য্যসূচীত উপস্থিত থাকে শ্বহীদ গংগা কলিতাৰ ভাতৃ নকুল কলিতা, শ্বহীদ বতু কলিতাৰ পুত্ৰ মোহন কলিতাৰ লগতে অসমৰ ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ নিৰ্যাতিত বকো-ছয়গাওঁ অঞ্চলৰ বহুকেইজন ব্যক্তি। ইফালে দলৰ কাৰ্য্যালয় প্ৰাঙ্গনত এখনি সতীৰ্থ সোঁৱৰণী শীৰ্ষক মুকলি সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা বকো বিধানসভা সমষ্টিৰ অগপৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা

সতীৰ্থ সোঁৱৰণী আৰু মুকলি সভাখনত সভাপতিত্ব কৰে বকো-ছয়গাওঁ বিধানসভা সমষ্টি সমিতিৰ সভাপতি গোলাপ মেধিয়ে। বকো-ছয়গাওঁ বিধানসভা সমষ্টি সমিতিৰ তিনিগৰাকী সাধাৰণ সম্পাদক ক্ৰমে ৰজিত বড়ো, ঘনশ্যাম কলিতা আৰু ৰঞ্জিত দলৈৰ তৎপৰতাত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসুচীত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰাণজ্যোতি দাস, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী পাৰিষদ কৰ্ণভূষন ৰাভা, বিভিন্ন ব্লক সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে অগপৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত অসম গণ পৰিষদ দলৰ জন্ম

আৰু দলৰ নেতাসকলে জন্মলগ্নৰে পৰা ঘাট প্ৰতিঘাট নেওঁচি দল কৰি থকা আৰু তৃণমূল কৰ্মী সকলে কৰা ত্যাগক সন্মান প্ৰদান কৰে। ইফালে সন্ধিয়া পৰত কামৰূপ জিলা পৰিষদৰ সদস্য পৱিত্ৰ ৰাভাই বন্তি প্ৰজ্বলন কৰি অগপৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসুচীৰ সামৰণি মাৰে।

Leave A Reply

Your email address will not be published.