টি আৰ অঞ্চলৰ উন্নয়নত নতুন মাত্ৰাঃ চাৰিদিনৰ ব্যৱধানত ৫৭০ কোটিৰ প্ৰকল্প উদ্বোধন, শুভাৰম্ভ
কংগ্ৰেছৰ যোগদান অনুষ্ঠান ‘বহ্বাৰম্ভে লঘুক্রিয়াঃ বিজেপি
গুৱাহাটীঃ ‘অসমৰ সকলো অঞ্চল তথা জাতি-জনগোষ্ঠীৰ সম উন্নয়নৰ দৰ্শনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বি টি আৰ অঞ্চলত চাৰিটা দিনৰ ব্যৱধানত ৫৭০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভৰে অঞ্চলটোৰ উন্নয়নক নতুন মাত্ৰা প্ৰদান কৰিছে।’- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ। এক প্ৰেছ বিবৃতিত বৰুৱাই কয় যে বাক্সা আৰু তামুলপুৰ জিলাৰ পথ যোগাযোগ ব্যবস্থা উন্নীত কৰি ১৯৩.৪৮ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ উদ্বোধন, বাক্সা জিলাত ৪০ বিঘা ভূমিত উন্নতমানৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন, তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰে অঞ্চলটোৰ
উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। আনহাতে বি টি আৰ অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে চৰকাৰে বাসুগাঁৱত ৬৩ কোটি টকা ব্যয় সাপেক্ষে ৪১৯.০৫ মিটাৰ দৈৰ্ঘ্যৰ কাশীকোত্রা বাসুগাঁও- তালগুৰি পথ আৰু ৰেলৱে উৰণ সেতু, কুকলুং নৈৰ ওপৰত ১১ কোটি টকা ব্যয় সাপেক্ষে ১৫২ মিটাৰ দৈৰ্ঘ্যৰ দলং উদ্বোধন কৰে। তদুপৰি কাজলগাঁৱত ৩৯ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক ক্রীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, অসম মালা আঁচনিৰ অন্তর্গত ২০৪ কোটি টকা ব্যয় সাপেক্ষে ৪৪.৭৭ কিলমিটাৰ দৈৰ্ঘ্যৰ পথৰ উন্নয়নৰ আধাৰশিলা স্থাপন, ১০.৭৫কোটি টকাৰ পানবাৰী-বিজনী পথ উন্নীতকৰণ, জল-জীৱন মিছনৰ অধীনত ১৩২ কোটি
টকাৰ চম্পাৱতী-বহুগাঁও পানী যোগান আঁচনি আৰু চাওৰাঙ বহুগাঁও পানীযোগান আঁচনিৰো আধাৰশিলা স্থাপনেৰে কালি মুখ্যমন্ত্ৰীয়ে বি টি আৰ অঞ্চলৰ উন্নয়নৰ জয়যাত্রা তান্বিত কৰি তোলে। প্ৰকৃতাৰ্থত চাৰিদিনৰ ভিতৰত এই সমূহ প্ৰকল্পৰ উদ্বোধন-শুভাৰম্ভৰ উদাহৰণৰ পিছতো ৰাজ্যখনত উন্নয়ন হোৱা নাই বুলি বিৰোধীৰ সমালোচনা হাস্যকৰ বুলি ৰাজ্যিক বিজেপিয়ে মত প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছৰ কালিৰ যোগদান অনুষ্ঠানক ‘বহ্বাৰম্ভে লঘুক্রিয়া’ বুলি অভিহিত কৰি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র গৰাকীয়ে কয়, উক্ত যোগদান কাৰ্যসূচীৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কংগ্ৰেছৰ নেতা সকলে যিধৰণে প্ৰচাৰ চলাইছিল তাৰ
নূণ্যতম প্রতিফলনো কালি নহ’ল। উক্ত যোগদান কাৰ্যসূচীৰ পিছত অসমৰ ৰাজনীতিৰ পথাৰত ধুমুহা, ভূমিকম্পৰ সৃষ্টি হ’ব বুলি তেওঁলোকে কৰা অপ প্ৰচাৰে কাৰ্যত দলটোক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে বুলি বিজেপিয়ে মত প্রকাশ কৰে। সেয়েহে ‘ট্রেইল’ৰ প্ৰদৰ্শনত ব্যৰ্থ ভূপেন বৰাই “পিকচাৰ অভি বাকি হে’ বুলি আত্মসন্তুষ্টি লাভ কৰাৰ বিকল্প নাই বুলি বিজেপিয়ে কটাক্ষ কৰে৷