ashomiyapatrika.com

ৰাজ্যৰ ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আপ

0 51

আপৰ চৰকাৰে বিনামুলীয়া আঁচনি দিছে যদিও এটকাও ঋণ লোৱা নাই, এটকাও কৰ বৃদ্ধি কৰা নাইঃ ভবেন চৌধুৰী

গুৱাহাটীঃ অসমৰ বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। কল্যাণকামী চৰকাৰে এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ’ব নোৱাৰে। পিচে জনমূৰি ধাৰৰ বোজাই ৪০ হাজাৰ টকা চুই যোৱাৰ সময়ত কেবল নির্বাচনী বৈতৰণী পাৰ হ’বলৈ হিতাধিকাৰীৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। এই অভিযোগ আপৰ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে সভাপতি ভবেন চৌধুৰীয়ে কয় যে অৰুণোদয় আচনিত ২৭ লাখ, আত্মসহায়ক গোটৰ ৩৯ লাখ, বৃদ্ধ বিধৱা পেঞ্চন আচনিত ৪০ লাখ, আয়ুস্মান যোজনাত ২৭ লাখ, বিনামুলীয়া ৰেচনৰ ৪০ লাখকে ধৰি অসমত বৰ্তমান ২ কোটিৰো অধিক

হিতাধিকাৰী আছে য’ত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যাই হৈছে ৩ কোটি ৪২ লাখ। ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰাৰ সময়ত ৪০ শতাংশ ভোটক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ হিমন্ত বিশ্ব শৰ্মাই প্রশস্ত কৰিছে সভাপতি গৰাকীয়ে উল্লেখ কৰে। আম আদমি পার্টীয়ে দিল্লী আৰু পাঞ্জাৱত বিনামূলীয়া আঁচনি দিছে যদিও এটকাও ঋণ লোৱা নাই, যোৱা ৮ বছৰত এটকাও কৰ বৃদ্ধি কৰা নাই। আপ এ বিনামূলীয়া আঁচনি দিয়াৰ ক্ষেত্ৰত যিহেতু ধনী-দুখীয়া বিচাৰ নকৰে, গতিকে তাত ভোট বেংকৰ অংক নাথাকে। অসমত হিমন্ত বিশ্ব শৰ্মাক চৰকাৰে বিভিন্ন আঁচনিৰ নামত নিৰীহ জনতাক চূড়ান্ত প্রবঞ্চনা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে নানা ৰকমৰ কৰ্মকাণ্ড আৰু প্ৰচাৰত ব্যস্ত হৈ ৰাইজৰ ধনৰ শৰাধ পাতিছে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে।

Leave A Reply

Your email address will not be published.