ashomiyapatrika.com

নতুন দিল্লীলৈ নিয়াৰ বাবে সাজু কামৰূপ মহানগৰৰ অমৃত কলহ

0 51

পৌৰ নিগমৰ মাটি মিহলোৱাৰ বাবে লতাশিল খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰঃ ডিমৰীয়া, ৰাণী, চন্দ্ৰপুৰ উন্নয়ণ খণ্ডতো অনুষ্ঠান

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগম, ডিমৰীয়া, চন্দ্ৰপুৰ আৰু ৰাণী উন্নয়ণ খণ্ডৰ পৰা অমৃত কলহ যাত্ৰাৰ মাটি ভৰ্তি কলহ ৰাজ্যিক অনুষ্ঠানৰ জৰিয়তে নতুন দিল্লীলৈ নিবৰ বাবে আজি সাজু কৰা হয়৷ গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰি অনা ৬০ টা কলহৰ মাটি আজি লতাশিল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মিহলি কৰি দুটা পিতলৰ কলহত ভৰোৱা হয়৷ এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পৌৰপতি মৃগেন শৰনীয়া, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, জিলা উন্নয়ণ আয়ুক্ত গৌৰী

শংকৰ দাস প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ পৌৰপতি মৃগেন শৰনীয়াই আদৰণি ভাষণ দিয়া সভাখনত গুৱাহাটী পৌৰ নিগমৰ মাটিৰে পূৰ্ণ কলহ নতুন দিল্লীলৈ কঢ়িয়াই নিবলগীয়া পৃথ্বী ৰাজ বড়োক সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপস্থিত সকলোকে পঞ্চ সংকল্প পাঠ কৰোৱায়৷ সভাত ভাষণ দি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে সমগ্ৰ দেশৰ পৰা এনেদৰে সংগ্ৰহ কৰা মাটি যিসকলে স্বাধীনতা সংগ্ৰামত চৰম ত্যাগ কৰিলে, স্বাধীনতাৰ পৰৱৰ্তী সময়তো দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে যি সকলে চৰম ত্যাগ কৰিছে তেওঁলোক সকলোৰে বীৰগাঁথাক সন্মান জনাই নতুন দিল্লীত নিৰ্মান হ’বলগীয়া অমৃত

বাটিকাত ব্যৱহাৰ কৰা হ’ব৷ নিজৰ ভাষণত জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, জিলাখনৰ পঞ্চায়ত আৰু পৌৰ নিগম এলেকাৰ সকলো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে৷ বিগত এটা মাহত অমৃত কলহ যাত্ৰালৈ আগবঢ়োৱা সহযোগৰ বাবে তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ সভাত সাংসদ কুইন ওজা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকায়ো ভাষণ দিয়ে৷ সভাৰ পিছতে কলহ দুটা লতাশিল খেলপথাৰৰ পৰা সমদল কৰি উজানবজাৰত থকা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়লৈ নিয়া হয়৷ আনপিনে ডিমৰীয়া উন্নয়ণ খণ্ডৰ অধীনৰ গাওঁ পঞ্চায়তসমূহৰ পৰা অনা মাটি সাংসদ কুইন ওজা, অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা প্ৰমুখ্যে

কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰাই উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত ৰখা হয়, চন্দ্ৰপুৰ উন্নয়ণ খণ্ডৰ অধীনৰ গাওঁ পঞ্চায়তসমূহৰ পৰা অনা মাটি বিধায়ক অতুল বৰা, অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰাই উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত ৰখা হয় আৰু ৰাণী উন্নয়ণ খণ্ডৰ অধীনৰ গাওঁ পঞ্চায়ত সমূহৰ পৰা অনা মাটি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অতিৰিক্ত জিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰাই উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত ৰখা হয়৷ পৌৰ নিগম আৰু

উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ পৰা কলহ সমূহ অহা ২৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হ’ব৷ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ পিছতে ২৭ অক্টোবৰত কলহ সমূহ নতুন দিল্লীলৈ অমৃত বাটিকা নিৰ্মাণত ব্যৱহাৰৰ বাবে নিয়া হ’ব৷

Leave A Reply

Your email address will not be published.