বালিকুছি ফুটবলত শিমলুবাৰী এফ চি চেম্পিয়ন
ৰঙিয়াঃ সোনাৰীশাঁল বালিকুছি আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট কমিটিৰ উদ্যোগত অৰ্জুনদেৱ সত্ৰ সংঘ খেলপথাৰত চলি থকা ফুটবল প্ৰতিযোগিতাৰ আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত টাইব্ৰেকাৰ পদ্ধতিত শিমলুবাৰী এফ চিয়ে ৭ – ৬ গ’লত উত্তৰ গুৱাহাটী বাকা দলটিক পৰাজিত কৰি শিমলুবাৰীয়ে চুড়ান্ত খিতাপ অৰ্জন কৰে। উল্লেখ্য যে নিৰ্ধাৰিত সময়ত দুয়োটা দলে এটিকৈ গ’ল দিয়াত খেলখন অমীমাংসিত হৈছিল৷ আজিৰ খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, নিপন বড়ো আৰু বাহাৰুল ইছলামে।ফাইনেল খেলখনৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী মতলেব উদ্দিন আহমেদে দুয়োটা দলৰ খেলুৱৈ আৰু পৰিচালক সকলৰ সৈতে চা-চিনাকি হৈ সাৰুৱা বক্তব্যৰে শুভ উদ্বোধন কৰে।