অনাশৈক্ষিক কামত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰা বন্ধ কৰকঃ ‘ছাত্ৰ যুৱ সংগ্ৰাম সমিতি’ অসম
চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ
গুৱাহাটীঃ চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাদানৰ কাৰ্যসূচী বন্ধ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক কেৱল চৰকাৰী অনাশৈক্ষিক কামত ব্যস্ত ৰখা কাৰ্যক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমে তীব্ৰ প্ৰতিবাদ কৰিছে। ইয়াৰ মাজেৰে সংকটৰ গৰাহত থকা চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত হৈ বিজেপি চৰকাৰ। শৈক্ষিক দিনপঞ্জীক সম্পূৰ্ণ একাষৰীয়া কৰি “অমৃত কলহ”, “অমৃত বৃক্ষ”, “এক তাৰিখ, এক ঘন্টা”, “ৰাষ্ট্ৰীয় কলা দিৱস”, বীৰগাথা দিৱস, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আদি দিৱস উদযাপনৰ নামত যোৱা মাহত ২০ দিনেই শিক্ষক, ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰখা হৈছে। এইটো নক’লেও সহজেই অনুমেয় যে চৰকাৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ
বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বাছি লৈছে। আনকি বহু ঠাইত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সভাতো ছাত্ৰী-ছাত্ৰীৰ উপস্থিতিৰে কৰা হৈছে। দেওবাৰে বন্ধৰ দিনতো শিক্ষকসকলক শিক্ষানুষ্ঠানত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা হৈছে। এন এক পৰ্যায় পাইছে যে চৰকাৰে শিক্ষকসকলক বন্ধা শ্ৰমিক অথবা কৃতদাসৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াৰ ফলত চৰকাৰৰ আৰু শাসক বিজেপি দলৰ সামান্য ৰাজনৈতিক লাভে হ’লে ছাত্ৰ-ছাত্ৰীৰ বৃহৎ শৈক্ষিক ক্ষতি হৈছে। শিক্ষকসকল ভয়ংকৰ মানসিক নিৰ্যাতনৰ বলি হৈছে। আন এক চিন্তনীয় দিশ হৈছে এনে অনাশৈক্ষিক কামত ব্যস্ত থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হ’লে ইয়াৰ
মূল্য শিক্ষকসকলে ভৰিব লাগিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি যিসকল আমোলা বিষয়াৰ নেতৃত্বত চৰকাৰী শিক্ষানুষ্ঠানত অনাশৈক্ষিক কামৰ নিৰ্দেশনা জাৰি কৰা হৈছে তেওঁলোকৰ কোনো এজনৰে ল’ৰা-ছোৱালীয়ে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ নহয়। আমোদজনক কথা হৈছে মুখ্যমন্ত্ৰীৰ চিন্তাপ্ৰসূত নিৰ্দেশ অনুসৰি চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অমৃত কলহ যাত্ৰাৰ নামত ৰাজপথত সমদল কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন শিক্ষানুষ্ঠানখনত পূৰ্ণদমে শিক্ষাদান কাৰ্য চলি আছে। এনে কথাই প্ৰমাণ কৰে যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি বিজেপি চৰকাৰখনৰ প্ৰকৃততে দৃষ্টিভংগী কি ? এফালে
এনে কাৰ্যসূচী চলোৱাৰ সমান্তৰালকৈ ১১০০০ শিক্ষানুষ্ঠান বন্ধ কৰা, সময়মতে ইউনিফৰ্ম যোগান নধৰা, ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ বন্ধ কৰা, পৰ্যাপ্ত শিক্ষক নিযুক্তি নিদিয়া, শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষা নকৰাৰ মাজেৰে চৰকাৰী বিদ্যালয় বিৰোধী কাম – কাজ চলি আছে। ‘ছাত্ৰ যুৱ সংগ্ৰাম সমিতি’ অসমে স্পষ্ট অভিযোগ কৰে যে নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰে ৰাজনৈতিক লাভ বুটলিবলৈ ‘নতুন শিক্ষা নীতি-২০২০’ আগ্ৰাসী ৰূপত ৰূপায়ণ কৰি এনে নাভূত-নাশ্ৰুত কাণ্ড-কাৰখানা সংঘটিত কৰিছে। এয়া আচলতে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ বাবে বিজেপি চৰকাৰে লোৱা মুকলি প্ৰচেষ্টাৰ অংশ৷ চৰকাৰে এই শৈক্ষিক অৰাজকতা বন্ধ নকৰিলে চৰকাৰী শিক্ষা ব্যৱস্থাই যে অধঃপতিত ৰূপ ল’ব সেয়া নিশ্চিত। চৰকাৰৰ এনে প্ৰচেষ্টা প্ৰতিহত কৰা খুবেই প্ৰয়োজন। ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ কৰিবলৈ শিক্ষক সমাজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতি ‘ছাত্ৰ যুৱ সংগ্ৰাম সমিতি’ অসমে আহ্বান জনাইছে।