ashomiyapatrika.com

বকোৰ ঐতিহ্য মণ্ডিত বাঘেশ্বৰী আঞ্চলিক দূৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশাল আয়োজন

0 29

বকোঃ ধাৰাৰ বুকুত অসুৰ নাসিনী দেৱীৰ পূজা আগমনৰ লগে লগে ব্যস্ত হৈ পৰে পূজা আয়োজক সমিতিবোৰ। এই উপলক্ষে কামৰূপ জিলাৰ বকোতো ভিন্ন প্ৰান্তত পূজা উদযাপন সমিতিয়ে আয়োজন কৰিছে দেৱী পূজাৰ প্ৰস্তূতি। উল্লেখ্য যে বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাওঁৰ হলংজুলীস্থিত ঐতিহ্য মণ্ডিত মা বাঘেশ্বৰী শক্তিপীঠত দূৰ্গা পূজা উদযাপন সমিতিয়ে বিশাল প্ৰস্তূতিৰে আয়োজন কৰিছে পূজাৰ ব্যৱস্থা। জানিব পৰা মতে এই বেলি মা বাঘেশ্বৰী দেৱীৰ থানৰ দূৰ্গা পূজাই গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত উপনিত হৈছে। উল্লেখ্য যে দক্ষিণ কামৰূপৰ ভক্তপ্ৰাণ ৰাইজৰ আধ্যাত্মিক দৰ্শনৰ দেৱী স্থানৰ পূজা ভাগি উদযাপন কৰিবলৈ ইতিমধ্যে

জ্যেষ্ঠ্য সমাজ কৰ্মী হৰেশ্বৰ বড়োক সভাপতি, শ্ৰীমন্ত কুমাৰ দৈমাৰীক কাৰ্য্যকৰী সভাপতি, কমলেশ্বৰ দলৈক সাধাৰণ সম্পাদক আৰু কমলেশ্বৰ ৰাভাক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছে বাঘেশ্বৰী আঞ্চলিক শাৰদীয় দূৰ্গা পূজা উদযাপন সমিতি খন। ইফালে হলংজুলী পাহাৰৰ নামনিত এক নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশত বাঘেশ্বৰী থানৰ স্থায়ী দেৱী থানত পূজা আয়োজনৰ বাবে ৰভা, পেণ্ডেল, প্ৰতিমাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা সম্পুৰ্ণ কৰি তুলিছে বুলি জানিব দিয়ে সাধাৰণ সম্পাদক কমলেশ্বৰ দলৈ সহ উদ্যোক্তা মণ্ডলীয়ে। ইফালে যথা বিহিত ৰীতি-নীতি মৰ্মে এই বেলি অসমীয়া কাতি মাহৰ ২ তাৰিখ শুক্ৰবাৰৰ পৰা অৰ্থাৎ ইংৰাজী ২০ অক্টোবৰৰ পৰা ৬ কাতি মঙ্গলবাৰ, ২৪ অক্টোৱৰলৈ ধৰ্মীয় পৰম্পৰাৰে আয়োজন কৰা হৈছে পূজা ভাগি।

Leave A Reply

Your email address will not be published.