ashomiyapatrika.com

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সহযোগত ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল খেল শুভাৰম্ভ

0 54

বকোঃ ‘এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন’ -শীৰ্ষক শ্ল’গান গাই আজি কামৰূপ জিলাৰ হলংজুলীত আনুস্থানিক ভাৱে শুভাৰম্ভ হ’ল ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল খেল। শিশু তথা নতুন প্ৰজন্মক খেলৰ জৰিয়তে সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ফুটবল টুৰ্ণামেন্ট খন বুলি জানিব দিয়ে এবছুৰ খেল সম্পাদক গণেশ বসুমতাৰী আৰু তৰ্ক সম্পাদক দ্বীপজ্যোতি কছাৰীয়ে। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ সহযোগত আজি বামুণীগাওঁৰ হলংজুলীত আয়োজন কৰা হয় ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল খেল। বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা দ্বিতীয় বাৰ্ষিক ১৩বছৰ

অনুৰ্ধ্বৰ ফুটবল বল খেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনচুলা গৌৰা বডোচাই। আজিৰ খেলত প্ৰতিদ্বন্দিতা কৰে দক্ষিণ কামৰূপ ফুটবল দ’ল বনাম কামৰূপ ফুটবল দ’লে। খেলত অতিথি হিচাপে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰৰ কাৰ্য্যবাহী সদস্য দশৰথ বড়ো, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বামুণীগাওঁ পৰিষদীয় সমষ্টিৰ সাধাৰণ পাৰিষদ কমলেশ্বৰ দলৈ, বড়ো জাতীয় পৰিষদৰ বিষয় ববীয়া সকল, বড়ো কৃষ্টি হাৰিমু আফাদৰ বিষয় ববীয়া সকলোৰ উপৰিও বড়ো মহিলা পৰিষদৰ লগতে বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয় ববীয়া সকল।

আজিৰ খেলত দক্ষিণ কামৰূপ জিলা ফুটবল দ’লে ৬-০ গলত জয়লাভ কৰে বুলি জানিব দিয়ে এবছু কৰ্মী বাপন বড়োই। ইফালে দক্ষিণ কামৰূপ জিলা এবছুৰ সভাপতি চানছুৰাং বসুমতাৰী আৰু সাধাৰণ সম্পাদক জীতেন বড়োই জনোৱা মতে আজিৰ তাৰিখত একেই খেল শোণিতপুৰ আৰু বাক্সাতো শুভাৰম্ভ হৈছে। কাইলৈ গুৱাহাটী আৰু গোৱালপাৰা জিলাৰ ফুটবল দলৰ খেল অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.