বকোৰ শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ সফল অভিযানত গ্ৰেপ্তাৰ বন ধ্বংসকাৰী বীৰচিং
বকোঃ ৰাজ্যৰ বনজ সম্পদৰ ওপৰত একাংশ অসাধু লোকৰ লোলুপ দৃষ্টি দীৰ্ঘদিনীয়া। কামৰূপ জিলাৰ বকোতো অবৈধ বনজ সম্পদ ধ্বংসকাৰীয়ে কৰি আহিছে বনজ সম্পদৰ চোৰাং ব্যৱসায়। ইফালে এনে বনজ সম্পদ যেনে মূল্যবান শাল, মাকাৰি, চেগুন, গামাৰী, কাঠ, বালি আৰু কাঠ কয়লা চোৰাং কাৰবাৰ কৰা অসাধু চক্ৰৰ বিৰুদ্ধে যুদ্ধংদেহী ভাৱেৰে দায়িত্ব পালন কৰি আহিছে বকোৰ শিংৰা বনৰ বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাদেশীকাৰী বিষয়া ডিম্পী বৰাৰ নিৰ্দেশত বকোস্থিত শিংৰা বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে ভাৰ্গৱ হাজৰিকাই। জানিব পৰা মতে যোৱাকালি
বনাঞ্চলিক এলেকাৰ খৰখৰী বন ৰিজাৰ্ভৰ পৰা জোঙাখুলী গাওঁৰ বীৰচিং বড়ো নামৰ এজন চোৰাং কাঠ সৰবৰাহ কৰা লোকক আটক কৰে। প্ৰাপ্ত তথ্য অনুসৰি বীৰচিং বড়ো নামৰ বন ধ্বংসকাৰী অসাধু লোকজনে দীৰ্ঘদিন ধৰি যন্ত্ৰ চালিত গছ কটা মেচিনেৰে গছ কাটি কাঠ ফালি ; কাঠৰ কুণ্ডা বনাই বিক্ৰী কৰি আহিছিল। মুল্যবান গছ কাটি তকতা আৰু অন্যান্য নমুনাৰ কাঠ কাটি সৰবৰাহ কৰি আহিছিল।যোৱাকালি জোঙাখুলী গাওঁৰ বীৰচিং বড়ো নামৰ ব্যক্তি গৰাকীয়ে গছ কাটি থকা অৱস্থাত যন্ত্ৰ চালিত মেচিন সহ কাঠৰ কুণ্ডা আৰু ফলাকাঠ সহ গ্ৰেপ্তাৰ কৰে। ইফালে বকোৰ শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত প্ৰতিদিনে বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে চলাই আহিছে তীব্ৰ প্ৰতিৰোধ।