ashomiyapatrika.com

গ্রন্থোৎসৱৰ বতৰা দি আৰম্ভ হ’ল অসম গ্ৰন্থমেলা, হাফলংঃ গ্রন্থমেলাই ডিমা হাছাওৰ বৌদ্ধিক প্ৰগতি ত্বৰান্বিত কৰিব – নন্দিতা গালোছা

0 46

মোবাইলতকৈ গ্ৰন্থৰ জগতখন বহু বেছি শক্তিশালীঃ অৰূপ কুমাৰ দত্ত

হাফলংঃ ৰাজ্যত পুনৰ গ্রন্থোৎসৱৰ বতৰা দি আজিৰে পৰা উৎসাহ-উদ্দীপনাৰ মাজেৰে আৰম্ভ হ’ল অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলং। ইয়াৰ সাংস্কৃতিক প্রতিষ্ঠান প্রেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত অসম গ্ৰন্থমেলা আজি উদ্বোধন কৰে বিশিষ্ট লেখক- সাংবাদিক অৰূপ কুমাৰ দত্তই। উদ্বোধনী ভাষণত তেওঁ কয় যে হাফলঙত অসম গ্রন্থমেলা অনুষ্ঠিত কৰাটো অতি আশাপ্রদ এক বৌদ্ধিক পদক্ষেপ। ইয়াৰ জৰিয়তে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই ডিমা হাছাওৰ জনসাধাৰণলৈ বিদ্যায়তনিক শুভবাৰ্তা প্ৰেৰণ কৰি এক

অধ্যয়নশীল সুস্থ বাতাৱৰণ গঢ়ি তোলাৰ বাবে যত্নপৰ হৈছে। এয়া তর্কাতীতভাবে প্রশংসনীয়। তেওঁ সাম্প্ৰতিক কালত গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা উদ্দীপক ভাষণ প্রদান কৰি কয়—“সৃষ্টিশীল কল্পনা শক্তি সকলো মানুহৰে অন্তত প্রোথিত হৈ থাকে। এই কল্পনা শক্তিক উলিয়াই আনি সৃষ্টিৰ সাধনাত নিবিষ্ট কৰিব পৰা উত্তম পন্থাটোৱে হৈছে কিতাপ। গ্রন্থ হৈছে বিচিত্র শব্দৰ সমাহাৰ যিয়ে সৃজনশীল কল্পনা শক্তিক প্রতিনিধিত্ব কৰে। এনৰইড মোবাইলৰ জগতখনতকৈ গ্ৰন্থৰ জগতখন বহু বেছি শক্তিশালী আৰু জ্ঞানার্জনৰ বাবে নিৰ্ভৰযোগ্য। আধাৰ কথা সৰ্বস্ব মাধ্যমতকৈ মানৱ সভ্যতাত গ্ৰন্থৰ স্থান সদায়ে উচ্চতম পৰ্যায়ত থাকিব।” দত্তই লগতে কয় যে গ্ৰন্থমেলাৰ

সম্প্ৰসাৰণৰ উদ্দেশ্য হৈছে আস্থাশীল বৌদ্ধিক পৰিৱেশ নির্মাণ, প্রান্তিয় অঞ্চলত কিতাপ সুলভ কৰা আৰু মানুহৰ অধ্যয়ন স্পৃহা সৃষ্টি কৰা। উদ্বোধনী সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি শক্তিমন্ত্রী নন্দিতা গালোছাই হাফলঙত এনেদৰে ‘অসম গ্রন্থমেলা’ অনুষ্ঠিত হোৱাটো এক ইতিবাচক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰে। তেওঁ লগতে কয়— বছৰৰ পাছত এইবেলি হাফলঙত গ্রন্থমেলা অনুষ্ঠিত হৈছে। এয়া নিশ্চিতভাৱে আমাৰ জিলাখনৰ বৌদ্ধিক প্ৰগতি ত্বরান্বিত কৰাৰ বাবে সহায়ক হ’ব। ইয়াৰ জৰিয়তে আমি কিতাপৰ প্রয়োজনীয়তা, গ্রন্থ অধ্যয়নৰ গুৰুত্বৰ বিষয়ে নতুন চিন্তাৰ আঁত বিচাৰি পাম। হাফলঙত লেখক-সাহিত্যিক তুলনামূলকভাৱে কম বা

সীমিত। অসম গ্রন্থমেলাই ডিমা হাছাওবাসীক নিশ্চয় ভাষা-সাহিত্যৰ সাধনাৰ বাবে অনুপ্রাণিত কৰিব।’ মন্ত্ৰী গাৰ্লোছাই মোবাইলৰ ব্যৱহাৰতকৈ গ্ৰন্থৰ আশ্ৰয় অধিক নিৰাপদ বুলি মন্তব্য কৰে। আন এগৰাকী অতিথি, ডিমা হাছাও জিলাৰ উপায়ুক্ত সীমান্ত দাসে উদ্বোধনী সভাত অংশগ্রহণ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা আয়োজনৰ পদক্ষেপ গ্ৰহণৰ বাবে অসম প্ৰকাশন পৰিষদক প্ৰশংসা কৰে। অসম প্ৰকাশন সংস্থাৰ পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অংশগ্রহণ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্হাৰ বিষয়ববীয়া ধীৰাজ গোস্বামীয়ে। সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে। উল্লেখ্য যে অহা ৭ অক্টোবৰলৈ

সাদিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলঙত প্রতিদিনে ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক বিভিন্ন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হ’ব। সেই অনুসৰি কাইলৈ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব “সাংবাদিকৰে আলাপ” অনুষ্ঠান। ৩ অক্টোবৰৰ বিয়লি ২ বজাত অনুষ্ঠিত হ’ব “ডিমাছা জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য” শীৰ্ষক আলোচনা সত্ৰ। ড° অমলেন্দু ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিতব্য এই আলোচনা সত্ৰত আলোচক অতিথিৰূপে অংশগ্রহণ কবির ড° বিশ্বজ্যোতি বর্মন, শিংদাও লাংখাছা আৰু ড° ববিতা ইংতিপিয়ে। ৪ অক্টোবৰত “শিশুৰ দিন” উপলক্ষে পুৱা ১০ বজাৰ পৰা চিত্রাংকণ প্রতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা আকস্মিক বক্তৃতা অনুষ্ঠিত

হ’ব। ৫ অক্টোবৰতো পুৱা ১৯ । বজাৰ পৰা মুকলি কুইজ, দুপৰীয়া ১ বজাৰ পৰা আবৃত্তি আৰু বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব তৰ্ক প্ৰতিযোগিতা। ৬ অক্টোবৰত বিশিষ্ট কবি-সমালোচক ড° প্রাণজিৎ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব বহুভাষিক কবি সম্মিলন। ৭ অক্টোবৰত অসম গ্ৰন্থমেলা, হাফলঙৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব শক্তিমন্ত্রী নন্দিতা গালোছাই। সামৰণি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, অভিধান প্রণেতা সুমন্ত চলিহা, বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্রশান্তবড়ো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডা উত্তম বাধাৰীয়ে। গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া এ বজাৰ পৰা আয়োজিত হ’ব আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠান।

Leave A Reply

Your email address will not be published.