ashomiyapatrika.com

নীতা আম্বানিক ‘চিটিজেন অৱ মুম্বাই’ বঁটা

0 51

মুম্বাইঃ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীলৈ চিটিজেন অফ মুম্বাই বঁটা৷ ৰ’টাৰী ক্লাব অৱ ব’ম্বেৰ পৰা সন্মানীয় ‘চিটিজেন অৱ মুম্বাই ২০২৩-২৪’ বঁটা লাভ কৰে নীতা আম্বানিয়ে৷ দেশৰ স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰসমূহত পৰিৱৰ্তনশীল প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে নীতা আম্বানীৰ স্থায়ী অৱদানক স্বীকৃতি দিয়াৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। নীতা আম্বানী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম সফল ক্ৰিকেট দল মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী। তেওঁ ইণ্ডিয়ান চুপাৰ লীগ আৰম্ভ কৰা ফুটবল স্পৰ্টছ ডেভেলপমেণ্ট লিমিটেডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু শিশুসকলৰ বাবে এডুকেশ্বন এণ্ড স্পৰ্টছ ফৰ অল উদ্যোগৰ মুৰব্বীও হয়। ইয়াৰোপৰি

তেওঁ এম আই নিউয়ৰ্কৰ স্বত্বাধিকাৰী, যিয়ে মেজৰ লীগ ক্ৰিকেটৰ উদ্বোধনী সংস্কৰণ জিকিছিল, যি হৈছে এক পেছাদাৰী আমেৰিকান টি২০ লীগ। ৰিলায়েন্স ফাউণ্ডেচনৰ ৱেবছাইট অনুসৰি, নীতা আম্বানী আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা৷ তেওঁ নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ ব’ৰ্ডৰ সন্মানীয় ট্ৰাষ্টী হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়। এই বছৰৰ আৰম্ভণিতে নীতা আম্বানীয়ে মুম্বাইৰ ‘নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ মুকলি কৰে। ইয়াৰ দ্বাৰা তেখেতে দৰ্শক আৰু শিল্পী দুয়োৰে বাবে ভাৰতীয় কলা আৰু সংস্কৃতিক সৰ্বশ্ৰেষ্ঠভাৱে আলোকপাত কৰাৰ এখন মঞ্চ প্ৰদান কৰাৰ কল্পনা কৰিছে।

Leave A Reply

Your email address will not be published.