ashomiyapatrika.com

মঙলবাৰৰ পৰা গুৱাহাটীত পথ সুৰক্ষা বিষয়ক দুদিনীয়া অধিবেশন

0 26

গুৱাহাটীঃ ভাৰতবৰ্ষৰ বৃহৎ যানবাহন নিৰ্মাণ সংস্থা ‘চ’ছাইটি অৱ ইণ্ডিয়ান অটোমোবাইল মেনুফেক্সাৰছ্’ চমুকৈ এছ আই এ এমে এখন উচ্চ পৰ্যায়ৰ অধিবেশন অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সহযোগত ২৬ আৰু ২৭ ছেপ্টেম্বৰত দুদিনীয়াকৈ গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত সময়চোৱাত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা বিশেষ ভূমিকাৰ পৰিপ্ৰেক্ষিতত অসমত বৃহৎ নিৰ্মান সংস্থাটোৱে আয়োজন কৰা অধিবেশনৰ মূল বিষয় হব ‘নিৰাপদ পথ,নিৰাপদ

ভাৰতঃ সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ কৌশল’। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অসম চৰকাৰৰ পৰিবহণ সচিব আদিল খান সভাপতি বিনোদ আগৰৱালকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া অধিবেশনত উপস্থিত থাকি বক্তব্য আগবঢ়াব।

Leave A Reply

Your email address will not be published.